thumbnail

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:06 PM IST

ETV Bharat / Videos

জখলাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত বাগৰি পৰিল গছ - Tree Falls Down at School Premises

কলিয়াবৰ, 20 জুন : জখলাবন্ধাৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা ১৪৬ নং জখলাবন্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত অঘটন ৷ গাতে লাগি থকা এজোপা প্ৰকাণ্ড গছ নেৰানেপেৰা বৰষুণৰ বাবে বৃহস্পতিবাৰে পথৰ কাষৰ বৈদ্যুতিক তাঁৰ চিঙি বাগৰি পৰে ৷ কথমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে কণ-কণ ছাত্ৰ-ছাত্ৰীসকল । গছজোপাৰ এটা অংশ বিদ্যালয়ৰ চৌহদত আৰু এটা অংশ ৩৭ নং ৰাষ্ট্ৰীয় পথত পৰি যায় । পথটোৰ এটা অংশৰে যান-বাহনসমূহ চলাচল কৰি আছে যদিও বৰ্তমানলৈকে বন বিভাগৰ বা ৰাষ্ট্ৰীয় ঘাই পথৰ কোনো লোক উপস্থিত হোৱা নাই ঘটনাস্থলীত । বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে জিৰণিৰ সময় কিছু পলম কৰাৰ বাবেহে ৰক্ষা পৰে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন । কিয়নো জিৰণিৰ সময়ছোৱাত বিদ্যালয়ৰ চৌহদতে খেলা-ধূলা কৰে ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক : ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.