thumbnail

By ETV Bharat Assamese Team

Published : 12 hours ago

ETV Bharat / Videos

মানাহত গুৰুতৰভাৱে আহত গঁড়ক চিকিৎসা প্ৰদান - Manas National Park

বাক্সা,২৬ ছেপ্টেম্বৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী বনাঞ্চলৰ কুচিয়াঝাৰত গুৰুতৰভাৱে আহত এটা গঁ‌ড় । আন গঁ‌ড়ৰ আক্ৰমণত আঘাতপ্ৰাপ্ত গঁ‌ড়টোক ইতিমধ্যে চিকিৎসা প্ৰদান কৰিছে বন বিভাগে । বন বিভাগৰ অভিজ্ঞ চিকিৎসক পদ্মশ্ৰী কুশল শৰ্মা, প্ৰভাত বসুমতাৰী, দাওহাৰু বড়োৰ তৎপৰতাত ধাৰাবাহিক চিকিৎসা প্ৰদান কৰা হৈছে অসুস্থ গঁ‌ড়টোক । জানিব পৰা মতে প্ৰাকৃতিক কাৰণত গঁড়ৰ কাজিয়াৰ ফলতেই এনেধৰণে আহত হৈছে । বৰ্তমান গঁড়টোক চিকিৎসা কৰি এৰি দিয়া হৈছে ।  

এই সন্দৰ্ভত চিকিৎসক পদ্মশ্ৰী কুশল শৰ্মাই কয়,"দহ, বাৰদিন পূৰ্বে এটা মতা গঁড়ক বেলেগ গঁড়ে আক্ৰমণ কৰাৰ ফলত ভৰিত আঘাত পাইছিল । দেহৰ কেইবাস্থানতো আঘাতৰ চিন আছে । ইতিমধ্যে গঁড়টোক ট্ৰেংকুলাইজ কৰি যাৱতীয় চিকিৎসা প্ৰদান কৰা হৈছে ।"

লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ কেতিয়াৰ পৰা যাব পাৰিব পৰ্যটক ? কি কি সুবিধা আছে মানাহৰ ভিতৰত ? - Manas National Park

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱসত সজাগতা চাইকেল ৰেলী - World Rhino Day 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.