তিনিচুকীয়াত উদ্ধাৰ হোৱা লোকৰ ওলোৱা নাই পৰিচয়

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:24 PM IST

thumbnail

তিনিচুকীয়া, ৩০ জানুৱাৰী: অৰুণ কুমাৰ দাস নামৰ এজন প্ৰায় ৬০ বছৰীয়া লোকক তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাইৰ পৰা যোৱা  ২২ জানুৱাৰীত উদ্ধাৰ কৰে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ৷ পৰৱৰ্তী সময়ত অসুস্থ অৱস্থাত উদ্ধাৰ কৰা লোকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷ জিলা আইন সেৱা প্ৰাধিকাৰী সচিব ফৰহান উদ্দিন চৌধুৰীয়ে কয় যে বৰ্তমান অৰুণ কুমাৰ দাস সম্পূৰ্ণ সুস্থ যদিও লাভ কৰা নাই লোকজনৰ কোনো পৰিয়ালৰ লোক ।  

লোকজনে উল্লেখ কৰা অনুসৰি তেওঁৰ ঘৰ উত্তৰ গুৱাহাটীত আৰু পুত্ৰৰ নাম পংকজ কুমাৰ দাস ৷ ইতিমধ্যে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব ফৰহান উদ্দিন চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি স্থানীয় আৰক্ষী, জিলা প্ৰশাসন, আৰক্ষীৰ লগত যোগাযোগ কৰিছে যদিও লাভ কৰা নাই পৰিয়ালৰ কোনো সদস্যৰ তথ্য় । কোনো লোকে যদি লোকজনৰ পৰিচয় লাভ কৰে তেন্তে তিনিচুকীয়া আইন সেৱা প্ৰাধিকাৰীৰ স'তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ৷

লগতে পঢ়ক:গুৱাহাটীত স্থাপন কৰা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতা‌ৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.