সোণাৰী-কামাখ্যাৰ পাচত এইবাৰ কলিয়াবৰৰ বামুণীত বনৰজাৰ আতংক - TIGER MENACE IN nAGAON

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:26 PM IST

thumbnail
সোণাৰী-কামাখ্যাৰ পাচত এইবাৰ কলিয়াবৰৰ বামুণীত বনৰজাৰ আতংক (ETV Bharat Assam)

কলিয়াবৰ, ২৩ জুলাই: কলিয়াবৰৰ সোণাৰী-কামাখ্যা অঞ্চলৰ পাচত এতিয়া কলিয়াবৰৰ বামুণীত বনৰজাৰ আতংক দেখিবলৈ পোৱা গৈছে । অঞ্চলটোত বৰ্তমানলৈ
কোনো লোকক বাঘে আক্ৰমণ কৰা নাই যদিও ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত কেইবাটাও গো-ধনৰ মৃত্যু হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত বাকচেৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ চিকনী চাহ বাগিচা আৰু বামুণী অঞ্চলত তিনিটা বাঘৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ আছে অঞ্চলবাসী ।

চৰণীয়া হাবিতলীয়া ঠাইত গাই-গৰু চৰাবলৈ শংকিত হৈছে ৰাইজ । হাবিতলীয়া ঠাইখনৰ কাষতেই থকা বামুণী শান্তিপুৰৰ জনাঞ্চলৈ বাঘৰ আগমন ঘটিলে ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব বুলি স্থানীয় ৰাইজে আশংকা কৰিছে । পোৱালীসহ বাঘটোক সেই ঠাইৰ পৰা খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ বাবে বন বিভাগক স্থানীয় লোকে আহ্বান জনাইছে । ইফালে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ নিৰীক্ষণ কৰিছে বাঘৰ গতিবিধি ।

লগতে পঢ়ক: মহানগৰীত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা - TIGER MENACE AT GUWAHATI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.