ধিঙত বজ্ৰ পৰি আহত কেবাজনো: দুজনৰ অৱস্থা সংকটজনক - Injured by thunderbolt

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:49 PM IST

thumbnail
ধিঙত বজ্ৰ পৰি আহত কেবাজনো (ETV Bharat Assam)

ধিং, 23 জুন : দেওবাৰে ধিঙৰ সোণাৰীগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ বজ্ৰ পৰি আহত হয় কেবাজনো লোক ৷ আহত লোককেইজনক ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে দুজন লোক অৱস্থা সংকটজনক বুলি জানিবপৰা গৈছে ৷

জানিব পৰা মতে, দেওবাৰে বিয়লি বৰষুণ অহাৰ ফলত সোণাৰীগাঁৱৰ ছয়-সাতজন লোক এটা ঘৰত আশ্ৰয় লৈ আছিল ৷ সেই সময়তে হঠাৎ বজ্ৰ পৰে উক্ত ঘৰটোত ৷ বজ্ৰ পৰাৰ ফলত মুস্তাকিন আলম, আকজৰ আলী, খাইৰুল ইছলাম, ৰৌজানা য়াচমিন গুৰুতৰভাৱে আহত হয় ৷ আহত লোকসকলক ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে দুজনৰ বহু সময়লৈকে সংজ্ঞা ঘূৰি অহা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ; বজ্ৰ পৰি বোকাখাতত ১০ জনী গাই গৰুৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.