thumbnail

শীঘ্ৰেই ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’ব তিনিটাকৈ কালভাৰ্ট - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 3:15 PM IST

ধেমাজি, 8 জুলাই: প্ৰতিটো বাৰিষাতেই ধেমাজিৰ মাজেৰে যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰে ৷ শীঘ্ৰে এইক্ষেত্ৰত ধেমাজিবাসীয়ে বৃহৎ সকাহ লাভ কৰিব বুলি জনাই জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ।

অংকুৰ ভৰালীয়ে কয়, "এইবছৰ নহ’লেও অহা বছৰৰ পৰা বাৰিষা ধেমাজিৰ ভজুগাঁৱেৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো জীয়াঢলৰ বাঢ়নী পানীয়ে জলমগ্ন হোৱা সমস্যাৰ পৰা মুক্ত হ’ব । কাৰণ শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণৰ কাম আৰম্ভ হ’ব তিনিটা পকী কালভাৰ্টৰ কাম ৷ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে অহা তিনিমাহৰ ভিতৰত আৰম্ভ হ’ব কাম ৷ ঘাইপথটোও নিৰ্মাণ কৰা হ’ব ওখকৈ ।" 

উল্লেখ্য যে বিগত তিনি বছৰ ধৰি বাৰিষাৰ সময়ছোৱাত ধেমাজিৰ জীয়াঢল চাৰিআলিৰ পৰা ভজু গাওঁলৈকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ 1 কি:মি অংশ জীয়াঢলৰে কাংকু নলা সুঁতিৰ পানী বাগৰি অহাৰ ফলত বৃহৎ ক্ষতিসাধন হৈ আহিছে । বিশেষকৈ বাৰিষা কাংকু সুঁতিৰ পানী বৃদ্ধি হ’লেই ঘাইপথটোৰে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে ৷ কেতিয়াবা ধেমাজি সদৰৰ সৈতে পোনপটীয়া যাতায়তো বন্ধ হৈ পৰে । 

লগতে পঢ়ক: জীয়াঢলৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ - Erosion of Jiadhal River 

বান প্ৰতিৰোধৰ ক্ষেত্ৰত ধেমাজিক সদায় অগ্ৰাধিকাৰ দিয়া হৈছে : পীযুষ হাজৰীকা - Assam Flood 2024

চিয়াং নদীত ডুব গ’ল SDRF ৰ ৰবৰ ব’ট; বিষয়াসহ 9 গৰাকী জোৱানক সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ - SDRF rubber boat sinks

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.