গুটখাক লৈ পুলিবৰত মহাৰণ, চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে এগৰাকী মহিলাই - Attacks By Miscreants
🎬 Watch Now: Feature Video
Published : Feb 23, 2024, 4:41 PM IST
যোৰহাট, 23 ফেব্ৰুৱাৰী : যোৰহাটত সংঘটিত হৈছে এক নাভূত-নাশ্ৰূত ঘটনা ৷ এটা গুটখাৰ পেকেটৰ বাবেই প্ৰথমে সৃষ্টি হয় তৰ্কাতৰ্কিৰ ৷ ইয়াৰ পিচতেই কাজিয়াৰ সূত্ৰপাত হৈ প্ৰহাৰ কৰাৰ বাবে এতিয়া চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে এগৰাকী মহিলাই ৷
এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ পুলিবৰৰ ৰৌমাৰী গাঁৱত ৷ জানিব পৰা মতে ৰৌমাৰী গাঁৱত এখন ভাওনাৰ বাবে আখৰা হৈ আছিল আৰু আখৰাস্থলীতেই এটা গুটখাৰ পেকেটক কেন্দ্ৰ কৰি প্ৰথমে দুই যুৱকৰ মাজত তৰ্কাতৰ্কিৰ সূত্ৰপাত্ৰ হয় ৷ এই তৰ্কাতৰ্কি শেষলৈ সংঘৰ্ষলৈ ৰূপান্তৰ হয় ৷ এই ঘটনাৰ হস্তক্ষেপ কৰিবলৈ যোৱাৰ বাবে কাৰ্তিক দাস নামৰ এজন যুৱকে এগৰাকী মহিলাক লোহাৰ ৰ’ডেৰে আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় বন্তি বৰুৱা নামৰ মহিলা গৰাকী ৷
ঘটনাৰ পিচতে সংকটজনক অৱস্থাত মহিলা গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আক্ৰমণকাৰী পদ্ম হাজৰিকা ওৰফে কাৰ্তিকৰ বিৰুদ্ধে পুলিবৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালে ৷ পুলিবৰ আৰক্ষীয়ে কাৰ্তিকক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : আৰক্ষীৰ গুলীত হুইল চেয়াৰত বহিল ড্ৰাগছ সৰবৰাহকাৰী