কলগাছিয়াত সোণৰ গহনা চুৰি কৰা বহিঃৰাজ্য়ৰ চোৰক বাইহাটাত গ্ৰেপ্তাৰ - Theft Incident In Kalgachia - THEFT INCIDENT IN KALGACHIA
🎬 Watch Now: Feature Video


Published : Jul 2, 2024, 5:51 PM IST
জনীয়া, ২ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰস্থিত মা জুৱেলাৰ্ছৰ চুৰিকাণ্ডত জড়িত দুটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । যোৱা ১৮ জুনৰ বিয়লি বহিঃৰাজ্যৰ চোৰে গ্ৰাহকৰ ৰূপত আহি ৫ লক্ষাধিক টকাৰ সোণৰ গহনা চুৰি কৰিছিল । লগে লগে ব্যৱসায়ীজনে কলগাছিয়া আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ।
আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত চলাই যদিও চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল । ইয়ালে, এই চোৰৰ দলটোৱে কলগাছিয়াৰ উপৰি শুৱালকুছি, ছয়গাঁও, কৃষ্ণাই, গুৱাহাটী আদিতো সংঘটিত কৰিছে অনুৰূপ ঘটনা । ফলত চিচি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত যোৱা ২৩ জুনত বাইহাটা আৰক্ষীয়ে সাগৰ মিশ্ৰ আৰু হাফিজ আলীক গ্ৰেপ্তাৰ কৰে । চিচি টিভি কেমেৰাৰ ফুটেজত চিনাক্ত হোৱাত অধিক তদন্তৰ বাবে চোৰ দুটাক কলগাছিয়া আৰক্ষীয়ে কলগাছিয়া থানালৈ আনে ।