মঙলদৈত চোৰ, প্ৰৱঞ্চকৰ উপদ্ৰৱ, একেদিনাই লুটিলে দুগৰাকীক - Theft Incident In Mangaldoi

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:19 AM IST

thumbnail
মঙলদৈত চোৰ, প্ৰৱঞ্চকৰ উপদ্ৰৱ, একেদিনাই লুটিলে দুগৰাকীক (ETV Bharat Assam)

দৰং,৮ জুন: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে মঙলদৈ চহৰ । চোৰৰ উপদ্ৰৱত সাঁচতীয়া ধন উলিয়াবলৈও দহবাৰ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে । শুকুৰবাৰে মঙলদৈৰ নিকটৱৰ্তী ধূলাৰ ব্যৱসায়ী আব্বাছ আলীয়ে এটুকুৰা মাটি ক্ৰয় কৰাৰ উদ্দেশ্য নিজৰ সাচতীয়া ২.৫ লাখ টকা চহৰখনৰ মাজমজিয়াৰ এল এন বি ৰোডৰ HDFC বেংকৰ পৰা উলিয়াই মাত্ৰ বিশ মিটাৰ মান নিলগৰ কৃষ্ণ দুগ্ধালয় প্ৰতিষ্ঠানৰ সন্মুখত চাহ খাবলৈ সোমাওতে দুৰ্বৃত্তই অতি কৌশলেৰে সন্মুখত আহি তেওঁৰ ধন মাটিত পৰিছে বুলি কয় ।

সেই সময়ত আব্বাছ আলীয়ে নিজৰ ধন পৰিছে নেকি বুলি উভতি চোৱাৰ লগে লগে দুৰ্বৃত্তই স্কুটিৰ সন্মুখত থকা বেগসহ নগদ ধন লুট কৰি উধাও হয় । সাঁচতীয়া ধন হেৰুৱাই আব্বাছে কন্দা-কতা কৰাত কাষতে থকা স্থানীয় ব্যৱসায়ী আৰু আন আন লোকসকল উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।  

ইফালে মঙলদৈ চুপাৰ মাৰ্কেটলৈ ৫০ হাজাৰ টকা লৈ এটা চিলাই মেছিন ক্ৰয় কৰিবলৈ আহোতেইভকতপাৰা ৰাজাপুখুৰী গাওঁৰ সমলা খাতুন নামৰ মহিলাগৰাকীৰ পৰাও প্ৰৱঞ্চকে অতি কৌশলেৰে লুটি লৈ যায় সাঁচতীয়া ধনখিনি । ভুক্তভোগী দুয়োগৰাকীয়ে মঙলদৈ আৰক্ষী থানাত পৃথকে পৃথকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৷ ইপিনে সঘনাই মঙলদৈ চহৰত সংঘটিত হৈ থকা চোৰ, প্ৰৱঞ্চকৰ তাণ্ডৱত অতিস্থ হৈ পৰিছে সাধাৰণ ৰাইজ । ৰাইজে আৰক্ষী তথা প্ৰশাসনক এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাইছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.