তিনিচুকীয়া চহৰৰ প্ৰিয়ংকা মেডিকেলত নিশা চুৰিকাণ্ড - Theft case
🎬 Watch Now: Feature Video


Published : Feb 26, 2024, 6:53 PM IST
তিনিচুকীয়া,২৬ ফেব্ৰুৱাৰী: তিনিচুকীয়া চহৰত বিগত কিছুদিন ধৰি এটাৰ পিচত আন এটা চুৰিকাণ্ড হোৱা দেখা গৈছে । দেওবাৰে নিশাও তিনিচুকীয়া চহৰৰ এ টি ৰোডৰ প্ৰিয়ংকা মেডিকেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এক চুৰিৰ ঘটনা ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ নিচেই কাষতে তথা প্ৰতিষ্ঠানখনত নিশা চোৰে প্ৰৱেশ কৰি প্ৰায় ৮০ হাজাৰ টকা লৈ যায় ।
প্ৰতিষ্ঠানখনৰ লকাৰ ভাঙি ধনখিনি লৈ যোৱাৰ উপৰিও ভিতৰৰ ঔষধ আৰু আন আন সামগ্ৰীবোৰ লণ্ডভণ্ড কৰি থৈ যায় চোৰে । প্ৰিয়ংকা মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে পুৱা তিনিচুকীয়া আৰক্ষীক অৱগত কৰা হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ইফালে তিনিচুকীয়া চহৰত সঘনাই হৈ থকা চুৰিকাণ্ডক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ব্যৱসায়ীসকল ।
লগতে পঢ়ক :প্ৰৱঞ্চনাৰ জাল পেলাই নিজেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক