পানী যোগান আঁচনিৰ কৰ্মচাৰীক আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান - Theft at Hatigaon

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 12:45 PM IST

thumbnail
পানী যোগান আঁচনিৰ কৰ্মচাৰীক আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান (ETV Bharat Assam)

গুৱাহাটী,১৩ জুলাই: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা । এইবাৰ চোৰৰ টাৰ্গেট পানী যোগান আঁচনি । মহানগৰীৰ হাতীগাঁৱত পানী যোগান আঁচনিৰ কৰ্মচাৰীক কাৰ্যালয়ৰ ভিতৰত আবদ্ধ কৰি চোৰে চলালে চাফাই অভিযান । হাতীগাঁৱৰ বশিষ্ঠপুৰ ১ নং উপপথৰ বশিষ্ঠপুৰ পানী যোগান আঁচনিত চলিল চোৰৰ অভিযান ।  

কৰ্মচাৰীক ভিতৰত আবদ্ধ কৰি চোৰে কাটি নিলে বৰিং মেছিনৰ বৈদ্যুতিক তাঁৰ । ফলত বিকল হৈ পৰিছে বৰিং মেছিনটো । ইয়াৰ পিচতে এতিয়া পানীৰ নাটনিত ভোগাৰ শংকা অঞ্চলটোৰ একাংশ বাসিন্দাৰ । হাতীগাঁৱৰ বশিষ্ঠপুৰ ১ নং উপপথ আৰু নামঘৰ পথৰ প্ৰায় ১০০ ঘৰ লোকে নাপাব পাৰে বিশুদ্ধ পানী । সেয়ে প্ৰশাসনক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক: মেঘালয়-গোৱালপাৰাৰ পৰা ৬ গাড়ীচোৰক গ্ৰেপ্তাৰ - Car Theft Racket

বিধায়ক আৱাসৰ গাতে লাগি থকা নামঘৰত চোৰৰ চাফাই - Theft Incident

দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি চোৰে লুটিলে নগদ ধনসহ পিষ্টল - Theft Incident In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.