thumbnail

কলিয়াবৰৰ ৰাঙলুৰ আমদাঙাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 10:49 PM IST

কলিয়াবৰ,১৩ অক্টোবৰ: জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ ৰাঙলু আমদঙাত পুৱাৰ ভাগত উদ্ধাৰ এটা বনৰীয়া হাতীৰ মৃতদেহ । ৰাঙলুৰ দিশৰ পৰা আমদাঙাৰ দিশত নিশা গৈ জংঘলৰ এটি সৰু টিলাৰ পৰা পিচলি পৰি মৃত অৱস্থাত থকা হাতী স্থানীয় লোকে প্ৰত‍্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে । ইতিমধ্যে শালনা আৰু কাজিৰঙাৰ বনাঞ্চলিক বিষয়াসহ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।  

পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ পিচতহে সঠিক তথ‍্য পোহৰলৈ আহিব । জানিব পৰা মতে, কাৰ্বি পাহাৰৰ পৰা প্ৰায়ে বহুকেইটা হাতী এই অঞ্চলটোত বিচৰণ কৰে । কলিয়াবৰত বনৰীয়া হাতীৰ আৰু মানুহৰ সংঘাত দীৰ্ঘদিনীয়া যদিও বনৰীয়া হাতীটোৰ কৰুণ মৃত্যুৱে স্থানীয় ৰাইজক ব্যথিত কৰি তোলে । 

লগতে পঢ়ক: দীৰ্ঘসময় ধৰি চটফটাই ধাননিৰ মাজত মৃত্যুক সাৱটিলে গজৰাজে

এফালে গণেশ চতুৰ্থীৰ আনন্দ উল্লাস, আনফালে গজৰাজৰ ইহসংসাৰ ত্যাগ - Wild Elephant Dead

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.