শিলচৰত শিৱ মন্দিৰ ভাঙি দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - Bajrang Dal
🎬 Watch Now: Feature Video


Published : Mar 4, 2024, 8:32 PM IST
শিলচৰ, ৪ মাৰ্চ: শিলচৰত এটা ৩০ বছৰ পুৰণি শিৱ মন্দিৰ শিলচৰ পৌৰসভাই ভাঙি দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্ট হয় । পৌৰসভাৰ এই কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠি সোমবাৰে বজৰং দল আৰু কংগ্ৰেছে প্ৰতিবাদ সাব্য়স্ত কৰে ৷ পিচত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰন কৰে পৰিস্থিতি ৷
এটা পকী নলা নিৰ্মানৰ অজুহাতত শিলচৰ চহৰৰ পাৰ্ক ৰোডৰ পথৰ দাঁতিত থকা শিৱ মন্দিৰটো যোৱা দেওবাৰে নিশা পৌৰসভাই এক্সাভেটৰৰে ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে বজৰং দল আৰু কংগ্ৰেছ দলে ৷ অভিযোগ অনুসৰি নিশা শিলচৰ পৌৰসভা মন্দিৰটো ভাঙি দিয়ে ৷ ঘটনাৰ খবৰ পাই আজি ঘটনাস্থলীত উপস্থিত হয় বজৰং দল ৷ শিৱ মন্দিৰ ভঙাৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলে ৷ এই প্ৰতিবাদত চামিল হয় কংগ্ৰেছো ৷
জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালৰ নেতৃত্বত এটা প্ৰতিনিধি দলে উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাচত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদীসকলক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি এই ঘটনাৰ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰে ।