মাননী নিদিয়াকৈ অব্যাহতি দিয়াক লৈ নলবাৰীৰ ষ্ট্ৰং ৰূমত উত্তেজনা - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : May 7, 2024, 8:28 AM IST

thumbnail
বিষয়াৰ ভাষ্য (ETV BHARAT ASSAM)

নলবাৰী, 7 মে’ : আৰম্ভ হ’ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ আজি চাৰিটা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইয়াৰে নলবাৰীত 2,175 টা ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে আছে 19,66,847 গৰাকী ভোটাৰ ৷ ইয়াৰ মাজতে কালি নিশা (সোমবাৰ) নলবাৰীৰ ষ্ট্ৰং ৰূমত তীব্ৰ উত্তেজনাময় পৰিৱেশ দেখা গ’ল ।

সংৰক্ষণত ৰখা বিষয়া-কৰ্মচাৰীসকলক দায়িত্বৰ পৰা অব্যাহতি দিয়াক লৈ সৃষ্টি হয় উত্তেজনাৰ । ভোট কেন্দ্ৰলৈ বিষয়া পঠিওৱাৰ পিচত ৰিজাৰ্ভত ৰখা বিষয়াসকলক কোনো ধৰণৰ মাননী নিদিয়াকৈ অব্যাহতি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । উপায়ন্তৰ হৈ প্ৰাপ্য বিচাৰি কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ  ৷ আনহাতে এই সকলো অভিযোগক নস্যাৎ কৰে নিৰ্বাচনত নিয়োজিত উচ্চ বিষয়াই ।

লগতে পঢ়ক : গুৱাহাটী লোকসভা সমষ্টি : প্ৰতিদ্বন্দ্বিতাত নামিছে আঠগৰাকী প্ৰাৰ্থীয়ে - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.