বোৱাৰীৰ ৰহস্য়জনক মৃত্য়ুক লৈ উত্তাল মঙলদৈ আৰক্ষী থানা - Woman mysterious death

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:25 PM IST

thumbnail
ৰঙামাটি মান্টাপাৰা গাঁৱত বোৱাৰীৰ ৰহস্য়জনক মৃত্য়ু (ETV BHARAT ASSAM)

মঙলদৈ, ২৯ জুন: মঙলদৈৰ নিকটবৰ্তী ৰঙামাটি মান্টাপাৰা গাঁৱত যোৱা শুকুৰবাৰে নিশা এগৰাকী বোৱাৰীৰ মৃত্য়ুক লৈ ৰহস্য়ৰ সৃষ্টি হৈছে । মান্টাপাৰা গাঁৱৰ বোৱাৰীগৰাকীয়ে চিপজৰী লৈ আত্মহত্য়া কৰা বুলি স্বামী পৰিয়ালে দাবী কৰিলেও মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে । ইয়াকে লৈ শনিবাৰে উত্তপ্ত হৈ পৰে মঙলদৈ আৰক্ষী থানা ।    

মান্টাপাৰাৰ হিতেশ ডেকা নামৰ যুৱকজনে ছমাহ পূৰ্বে যুৱতীগৰাকীক পলুৱাই আনি বিবাহপাশত আবদ্ধ হৈছিল । শনিবাৰে পুৱা ৮ বজাত থকা ঘৰটোতেই চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় বোৱাৰীগৰাকীৰ মৃতদেহ । কিন্তু পুৱা ১০ বজাতহে স্বামী পৰিয়ালে মহিলাগৰাকীৰ পৰিয়ালক এই বিষয়ে অৱগত কৰে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীৰ স্বামী হিতেশ ডেকা আৰু শাহুৱেকক মঙলদৈ আৰক্ষীয়ে আটক কৰিছে ।  

হিতেশ ডেকাৰ পূৰ্বৰে পৰা এগৰাকী মহিলাৰ লগত অবৈধ সম্পৰ্ক থকা বুলি অভিযোগ কৰি আজি দোষীক উপয়ুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই মঙলদৈ থানাত শতাধিক মহিলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । মহিলাসকলে লকআপত থকা অভিযুক্তক ৰাইজক দেখুৱাবলৈ দাবী জনোৱাত আৰক্ষীয়ে বাধ্য় হৈ অভিযুক্তক বাহিৰলৈ উলিয়াই আনে ।  

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।)

লগতে পঢ়ক:তৰালিৰ মৃত্যুৰ ৰহস্য ভেদ হ’বনে ? উত্তপ্ত মেৰাপানী আৰক্ষী থানা - woman suspicious death

মাজুলীত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহত্যা - SUICIDE CASE IN MAJULI

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.