টিকটৰ লগতে অহা-যোৱা খৰচো কম নহয় বহুতৰ বাবে, তেনেকুৱাত যদি চিনেমাৰ শ্ব’ নচলে ! - Bidurbhai show at Gold Cinema

By ETV Bharat Entertainment Team

Published : Aug 2, 2024, 3:16 PM IST

thumbnail
গোলাঘাটৰ গ’ল্ড চিনেমাহলত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

গোলাঘাট, 2 আগষ্ট : ‘‘চিনেমা এখন চোৱাৰ নামত সকলোৱে ধন খৰচ কৰিব নোৱাৰে ৷’’ খোদ নিৰ্মাতা সুব্ৰতেই কৈছিল এই কথা ৷ কিন্তু ছবিখনৰ সফলতা দেখি বহু মানুহে সপৰিয়ালে বিদুৰভাই চাবলৈ মন মেলিছে ৷ গাড়ী ভাৰা কৰি নিশাও মানুহ ছবিগৃহলৈ আহিছে ৷ গোলাঘাটৰ গ’ল্ড চিনেমা হলতো যথেষ্ট পৰিমাণে ভিৰ দেখিবলৈ পোৱা গৈছে ৷

কিন্তু কালি নিশা গোলাঘাটৰ গ’ল্ড চিনেমা হলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ দৰ্শক আৰু চিনেমা হল কৰ্তৃপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয় । নতুনকৈ মুক্তি পোৱা বিদুৰভাইৰ দৰ্শনী উপভোগ কৰিবলৈ নোপোৱাৰ ফলতে এই পৰিস্থিতিৰ উদ্ভৱ হয় বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, গোলাঘাট নগৰৰ মাজমজিয়াত থকা গ’ল্ড চিনেমা হলত নিশা 9 বজাত দৰ্শনী আছিল বিদুৰভাইৰ । কিন্তু 10 বজালৈকে চিনেমা চাবলৈ অহা দৰ্শকে বিদুৰভাই চাবলৈ নোপোৱাত এই পৰিৱেশৰ সৃষ্টি হয় হলৰ ভিতৰত । ইফালে গ’ল্ড চিনেমা হলৰ কতৃপক্ষই জানিবলৈ দিয়া মতে, কিছু কাৰিকৰী অসুবিধাৰ বাবে চিনেমাখন চলাব নোৱাৰিলে তেওঁলোকে ৷ গতিকে টিকটৰ সকলো ধন ঘূৰাই দিয়া হ’ব দৰ্শকক ।

কিন্তু দৰ্শকক টিকটৰ টকা নহয় চিনেমাখনহে চাবলৈ লাগে ৷ যাক লৈ নিশা বহু পৰলৈকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় হলত । পাচত ঘটনাস্থলীত গোলাঘাট সদৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক : মুক্তিৰ এসপ্তাহৰ পিচতো দৰ্শকৰ বাবে বিদুৰভাইৰ বিশেষ দৰ্শনী - assamese movie bidurbhai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.