বুঢ়ীদিহিং নৈত শামুক ধৰিবলৈ গৈ সন্ধানহীন কিশোৰ - MINOR BOY MISSING - MINOR BOY MISSING
🎬 Watch Now: Feature Video


Published : Jun 9, 2024, 11:27 AM IST
মৰাণ, 9 জুন : ডিব্ৰুগড় জিলাৰ টেঙাখাতত চাঞ্চল্যকৰ ঘটনা ৷ টেঙাখাতৰ বুঢ়ীদিহিং নৈত শামুক ধৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন হয় এটি কিশোৰ । টেঙাখাতৰ সৰু অভয়পুৰীয়া গাঁৱৰ কান্তি চুতীয়াৰ কণিষ্ঠ পুত্ৰ প্ৰতীম চুতীয়া (17) বোৱতী নৈত সন্ধানহীন হয় । শনিবাৰে দুপৰীয়া প্ৰায় 12 বজাত চাৰি লগৰীয়াৰ সৈতে শামুক ধৰিবলৈ বুলি ওলাই আহিছিল প্ৰতীমে ।
তাৰ পিচতে জানিব পৰা মতে আন এজন সমনীয়াৰ সৈতে নৈত নামি গৈছিল প্ৰীতম । তাৰ কিছু সময়ৰ পাচতে বুঢ়ীদিহিঙৰ সোতে উটুৱাই লৈ যায় কিশোৰজনক । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে কিশোৰজনক উদ্ধাৰৰ বাবে SDRF বাহিনীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে । এই ঘটনা পোহৰলৈ অহাৰ পাচতে কিশোৰজনৰ পৰিয়ালটোত শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক: ফটো তুলিবলৈ গৈ উভতি নাহিল দ্বীপজ্যোতি, শোকত বিহ্বল পিতৃ-মাতৃ - Student Died in Nagaland