জামুগুৰিহাটত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ: একেদিনাই তিনি কিশোৰী সন্ধানহীন - Teenage girl missing in Jamugurihat

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 8:13 PM IST

thumbnail
কিশোৰী সন্ধানহীন (ETV BHARAT ASSAM)

চতিয়া, ১১জুন : জামুগুৰিহাটৰ ভৰলী চাপৰিত একেদিনাই তিনিগৰাকী কিশোৰী সন্ধানহীন হৈছে । যোৱা ৫ জুনৰ বিয়লি ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰাই আজি পৰ্যন্ত পৰিয়ালৰ লোকে কিশোৰী কেইগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই ।  কিশোৰী কেইগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লগতে গাঁওবাসীৰ মনত আশংকাই গা কৰি উঠিছে ।

ভৰলী চাপৰী গাঁৱৰ এই কেইগৰাকী কিশোৰী সন্ধানহীন হোৱা সন্দৰ্ভত ইতিমধ্যে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে কোনো দুষ্ট চক্ৰই কিশোৰী তিনিগৰাকীক ফুচুলাই নি নাৰীদেহ চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷  

উল্লেখ্য় যে যোৱা ৫ জুনৰ বিয়লি তিনিওগৰাকী কিশোৰী ঘৰৰ পৰা ওলাই যোৱাৰ পাচত এটা পুখুৰীৰ পাৰত এগৰাকী কিশোৰীৰ পিন্ধা কাপোৰ উদ্ধাৰ হোৱাত পৰিয়ালৰ লোকসকল শংকিত হৈ পৰিছে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.