দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু কিশোৰীৰ, কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ জিলা আয়ুক্তৰ - Road Accident

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:25 PM IST

thumbnail
দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত কিশোৰীৰ মৃত্যু (ETV Bharat Assam)

যোৰহাট, 22 জুলাই : যোৰহাটত ডাম্পাৰৰ দৌৰাত্মই শংকিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক ৷ কাৰণ ঘাতকৰূপী দ্ৰুতবেগী ডাম্পাৰে বিগত সময়ত প্ৰাণ লৈছে কেবাজনৰো ৷ ইয়াৰ মাজতে এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে যোৰহাটত ৷ এইবাৰ দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যুক আকোঁৱালি লয় এগৰাকী কিশোৰীয়ে ৷

জানিব পৰা মতে আজি যোৰহাটৰ 37 নং ঘাইপথৰ সমীপৰ পানীচকুৱা ভৰালী ষ্টৰৰ সন্মুখত দেৰগাঁৱৰ দিশৰ পৰা যোৰহাট দিশে দ্ৰুত গতিত আহি থকা  AS 03 CC 4382 নম্বৰৰ এখন ডাম্পাৰে ছাৰ্ভিছ ৰোডৰে গৈ থকা এগৰাকী কিশোৰীক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ ফলত ঘটনাস্থলীতে মৃত্যুক আকোঁৱালি লয় কিশোৰীগৰাকীয়ে ৷ নিহত কিশোৰীগৰাকীৰ নাম মনিকা দাস (13) ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে আৰু ডাম্পাৰখনৰ লাইচেন্স আৰু পাৰমিট বাতিল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ লগতে ডাম্পাৰখনৰ চালক আৰু গৰাকীৰ বিৰুদ্ধে গোচৰ ৰজু কৰিবলৈয়ো নিৰ্দেশ দিয়ে তেওঁ ৷ 

লগতে পঢ়ক : পানীখাইতীত হোষ্টেলৰ কোঠালিৰ ভিতৰত উদ্ধাৰ মিজোৰামৰ ছাত্ৰীৰ মৃতদেহ - Mysterious death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.