শিক্ষক দিৱসৰ দিনাই ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ - Teachers Day 2024

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 9:52 PM IST

thumbnail
শিক্ষক দিৱসৰ দিনাই ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ (ETV Bharat Assam)

ধিং,৫ ছেপ্টেম্বৰ: শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ বিচাৰিছে মৰিগাঁৱৰ শিক্ষয়িত্ৰীয়ে । আজি শিক্ষক দিৱসৰ দিনাই সমগ্ৰ অসমৰ লগতে মৰিগাঁৱতো শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতিবাদ । শ্ৰেণী বৰ্জন কৰি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে । মৰিগাঁৱত এফালে ব্যাপক আয়োজনেৰে শিক্ষক দিৱস পালন আনফালে প্ৰতিবাদ । কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ প্ৰতিবাদ । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শেহতীয়া স্থায়ী নিযুক্তি সন্দৰ্ভত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলক অযোগ্য বুলি ঘোষণা কৰি শিক্ষকসকলক কটাক্ষ কৰিছে ।  

শিক্ষকসকলে অভিযোগ উত্থাপন কৰি কয় শিক্ষামন্ত্ৰীয়ে অযোগ্য ঘোষণা কৰাৰ কাৰণ ব্যাখ্যা কৰিবলৈ দাবী জনোৱাৰ লগতে সমকাম, সমমৰ্যদা আৰু সমবেতন প্ৰদান কৰিবলৈ আহ্বান জনায় । আনহাতে যেতিয়ালৈকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলক নিযুক্তি আৰু অযোগ্য ঘোষণা কৰা সন্দৰ্ভত স্পষ্টীকৰণ নিদিব তেতিয়ালৈকে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰি থাকিব বুলি প্ৰকাশ কৰে । উল্লেখযোগ্য যে শিক্ষক হৈছে ভগৱানৰ দান । গতিকে শিক্ষকসকলক অপমান কৰাটো শিক্ষামন্ত্ৰীৰ উচিত হোৱা নাই । 

লগতে পঢ়ক: শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ - Teachers Day 2024

আমাৰ যেন মূল্য নাই, শিক্ষাগত অৰ্হতা নাই ! দৈনিক ১৫০-২০০ টকা মজুৰিপ্ৰাপ্ত শিক্ষকৰ ক্ষোভ - Teachers Protest in Tinsukia

শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী - Teachers Protest in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.