thumbnail

ডুমডুমাত নিশা উত্তপ্ত পৰিস্থিতি, চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল চামডাং চাহ বাগিচা - TEA WORKERS DIES

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 5:32 PM IST

তিনিচুকীয়া, ২৪ জুলাই: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাৰ চিকিৎসালয়ত এগৰাকী বয়োজ্যেষ্ঠৰ মৃত্যুক কেন্দ্ৰ কৰি মঙলবাৰৰ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মৃত লোকজন পূৰ্ণিমা তাঁতী (৬০) বুলি চিনাক্ত কৰা হৈছে ৷ অভিযোগ অনুসৰি, বাগিচাখনত থকা দুখনকৈ এম্বুলেন্সৰ এজনো চালক নথকাত উন্নত চিকিৎসাৰ বাবে নিব নোৱৰাত বাগিচাৰ চিকিৎসালয়তে মৃত্যু হয় পূৰ্ণিমা তাঁতীৰ ।

ইয়াৰ পাচতেই ক্ষুদ্ধ স্থানীয় বাগিচাৰ শ্ৰমিকে চামডাং চাহ বাগিচাৰ পৰিচালক মৃদুল হাজৰিকাৰ অকৰ্মণ্যতাৰ বাবেই বৃদ্ধাগৰাকীৰ মৃত্যুৰ অভিযোগ তুলি উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ৷ পূৰ্ণিমা তাঁতীৰ মৃত্যুৰ ন্যায় বিচাৰি নিশাই শ-শ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিস্থিতি অধিক বিষম হৈ পৰাত ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় ৷ 

প্ৰতিবাদৰ জৰিয়তে পৰিচালক মৃদুল হাজৰিকাৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ "আটছা" নেতৃবৰ্গৰ ৷ পৰিচালকগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই । তেওঁলোকে চাহ বাগিচাখনৰ চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ তথা অন্যান্য কোনো ধৰণৰ সুবিধা নথকাত পূৰ্ণিমা তাঁতীৰ মৃত্যু হোৱাৰ অভিযোগ কৰে ।

লগতে পঢ়ক: মৃতকৰ সৎকাৰথলীত তীব্ৰ প্ৰতিবাদ চাহ মজদুৰ সংঘৰ শতাধিক নেতা-কৰ্মীৰ - Tea worker protest

লগতে পঢ়ক: ৰাজু চাহুৰ পুত্তলিকা দাহ কৰি শ শ চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - Protest in Chabua

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.