ETV Bharat / state

বিধায়ক পদৰ শপত গ্ৰহণ কৰিলে নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে - ASSAM BYE ELECTION RESULTS

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱালে উপ-নিৰ্বাচনত নিৰ্বাচিত পাঁচ বিধায়কক । পাঁচ বিধায়কে শপত গ্ৰহণ কৰি ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া ।

Five newly-elected MLAs take oath in Assam Assembly
বিধায়ক পদৰ শপত গ্ৰহণ কৰিলে নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 9:57 PM IST

গুৱাহাটী: উপ-নিৰ্বাচনত জয়ী হোৱা নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে শুকুৰবাৰে বিধায়ক পদৰ শপত গ্ৰহণ কৰে । অসম বিধানসভাৰ নতুন ভৱনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱায় । লোকসভা নিৰ্বাচনৰ পাছত ধলাই, চিদলী, বঙাইগাঁও, চামগুৰি আৰু বিহালী সমষ্টিৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাত সমষ্টিকেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল । উপ-নিৰ্বাচনত জয়লাভ কৰা পাঁচগৰাকী বিধায়ক ক্ৰমে ধলাইৰ নিহাৰ ৰঞ্জন দাস, বিহালীৰ দিগন্ত ঘাটোৱাল, বঙাইগাঁৱৰ দীপ্তিময়ী চৌধুৰী, চিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰিৰ দিপ্লুৰঞ্জন শৰ্মাই আজি বিধায়ক পদৰ শপত গ্ৰহণ কৰে ।

উল্লেখ্য যে উপনিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি আৰু বিজেপিৰ মিত্রদলে বিজয় স‍াব্যস্ত কৰে । চামগুৰি, ধলাই আৰু বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে বঙাইগাঁও সমষ্টিত মিত্রদল অগপৰ প্ৰাৰ্থী আৰু চিদলী সমষ্টিত মিত্রদল ইউ পি পি এলৰ প্ৰাৰ্থী জয়ী হৈছিল । লক্ষণীয় বিষয় যে চামগুৰিত কংগ্ৰেছ শক্তিশালী নেতা তথা সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় ।

বিধায়ক পদৰ শপত গ্ৰহণ কৰিলে নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে (ETV Bharat Assam)

সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্র তানজিল হুছেইন পৰাজিত হয় । আজি নৱনিৰ্বাচিত বিধায়ক পাঁচগৰাকীয়ে বিধায়ক হিচাপে শপত গ্ৰহণ কৰে । দিপ্লুৰঞ্জন শৰ্মা, দিগন্ত ঘাটোৱাল আৰু দীপ্তিময়ী চৌধুৰীয়ে অসমীয়াত, নিহ‍াৰ ৰঞ্জন দাসে বাংলাত আৰু নিৰ্মল কুমাৰ ব্ৰহ্মই বড়ো ভাষাত শপত বাক্য পাঠ কৰে । শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল । শপত গ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে ।

ধলাইৰ বিজেপি বিধায়ক নিহাৰ ৰঞ্জন দাস :

"আজি শপত গ্ৰহণ কৰিছো ভাল লাগিছে । ৰাইজে মোক নিৰ্বাচন কৰিছে । আমাৰ চৰকাৰৰ দিনত ধলাইত বহুত উন্নয়ন হৈছে । ৰাস্তা-ঘাটৰ যথেষ্ট উন্নয়ন হৈছে আৰু এই উন্নয়নক মই আগুৱাই নিম । ধলাইৰ কিছুমান ৰাস্তাৰ কাম বাকী আছে আৰু সেইবোৰৰ বাবে মুখ্যমন্ত্রীক সাক্ষাৎ কৰিম ।"

Five newly-elected MLAs take oath in Assam Assembly
দীপ্লুৰঞ্জন শৰ্মাৰ শপত গ্ৰহণ (ETV Bharat Assam)

চামগুৰিৰ বিজেপি বিধায়ক দীপ্লুৰঞ্জন শৰ্মা :

"মোৰ বাবে এটা বিশেষ দিন । আজি শপত গ্ৰহণ কৰাৰ লগে লগে দায়িত্ব বৃদ্ধি পালে । অনাগত দিনত চামগুৰি ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে সংকল্পবদ্ধ হৈছোঁ । সকলোৱে ন্যায় পোৱাৰ নীতিৰে মই বিধায়ক হিচাপে মোৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যোৱাৰ চেষ্টা কৰিম । ডেৰ বছৰত আমি বহুখিনি কাম কৰিব পাৰোঁ । চৰকাৰী আঁচনি যাতে প্ৰকৃত হিতাধিকাৰীয়ে পাই তাৰ বাবে কাম কৰিম । যুৱ প্ৰজন্মক দক্ষ কৰি তোলাৰ বাবে চেষ্টা কৰিম । আন্তঃগাঠনি উন্নত কৰাৰ বাবে কাম কৰিম ।"

তেওঁ লগতে কয়, "মুখ্যমন্ত্রীৰ মাৰ্গ দৰ্শনত চামগুৰিৰ সৰ্বাংগীণ বিকাশৰ বাবে চেষ্টা কৰিম । অহাবাৰ পুনৰ আমি চামগুৰিত জয়ী হ'ম । আমি বিভাজনৰ ৰাজনীতি নকৰোঁ । চামগুৰিৰ উন্নয়নৰ স্বাৰ্থত মই প্ৰয়োজনত ৰকিবুল হুছেইনৰ পৰামৰ্শ বিচাৰিম । গণতন্ত্ৰত মই পাৰস্পৰিক সহযোগিতাত বিশ্বাস কৰোঁ । অসম্ভৱক সম্ভৱ কৰে বিজেপিয়ে । ২০২৬ত আমি এশৰো অধিক আসনত জয়ী হৈ চৰকাৰ কৰিম ।"

দীপ্তিময়ী চৌধুৰীৰ শপত গ্ৰহণ (ETV Bharat Assam)

বঙাইগাঁৱৰ অগপ বিধায়িকা দীপ্তিময়ী চৌধুৰী :

"আজি মোৰ বঙাইগাঁও সমষ্টিৰ প্ৰত্যেকজন ভোটাৰলৈ মনত পৰিছে । সমষ্টিৰ কি কি সমস্যা সমাধান কৰিম আজি এই মুহূৰ্তত ক'ব নোৱাৰিম । বিধায়ক হিচাপে আজি শপত গ্ৰহণ কৰিলোঁ । কাইলৈৰ পৰা মোৰ কাম আৰম্ভ হ'ব আৰু সমস্যা সমাধানৰ পথ উলিয়াম । বঙাইগাঁও সমষ্টিত সমস্যা নাই বুলি ক'ব পাৰি । কিন্তু সমস্যা কেতিয়াও শেষেই নহয় আমি সকলোৱে জানোঁ । সমস্যাৰ পিছত সমস্যা ওলাই থাকিব । মোৰ স্বামীয়ে কি কাম কৰা নাই মোৰ চকুত পৰা নাই । তেওঁ সকলো কাম কৰিছেই ।"

বিহালীৰ বিজেপি বিধায়ক দিগন্ত ঘাটোৱাল :

"বৰ ভাল লাগিছে । অসম বিধানসভাত প্ৰথমবাৰৰ বাবে আহিছোঁ । আজি বিধায়ক হিচাপে শপত গ্ৰহণ কৰিলোঁ । দলৰ সকলো নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ । বিহালীৰ ৰাইজক ধন্যবাদ জনাইছোঁ । অনাগত দিনত বিহালীৰ ৰাইজৰ লগত আলোচনা কৰি সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰিম । ডেৰ বছৰত যথেষ্ট প্ৰত্যাহ্বান থাকিব যদিও চৰকাৰখনে যথেষ্ট কাম-কাজ কৰিছে ।"

চিদলীৰ ইউ পি পি এলৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম :

"বিধায়ক হিচাপে শপত লোৱাৰ পিছত দায়িত্ব বৃদ্ধি পালে । চিদলী সমষ্টিৰ বাবে কৰিবলগীয়া কামৰ বাবে সমষ্টিবাসী ৰাইজৰ লগত আলোচনা কৰিম । সমষ্টিত বহুকেইটা সমস্যা আছে । গৰাখহনীয়াৰ সমস্যাও ডাঙৰ সমস্যা । যাতায়াত ব্যৱস্থা কৰিব লগা আছে । দলং নিৰ্মাণ কৰিবলগীয়া আছে । কাম বহুত আছে যদিও পৰ্যায়ক্ৰমে কৰি যাম বুলি ভাবিছোঁ ।"

লগতে পঢ়ক: আত্মবিশ্বাসী আছিলো, জিকিম বুলিয়ে নিৰ্বাচন খেলিছিলো : দিপ্লু ৰঞ্জন শৰ্মা

পঞ্চায়ত নিৰ্বাচন: ২৬ ৰ ছেমিফাইনেল হিচাপে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.