ETV Bharat / state

বতাহত উৰিছে অচিন কীট; বিষাক্ত দংশনত এজনৰ মৃত্যু - WORMS IN DHING

ধিঙত বিষাক্ত পোকৰ পোকৰ দংশনত ইতিমধ্যে এজনৰ মৃত্যু হৈছে । বৰ্তমানলৈকে এই বিষাক্ত পোকৰ দংশনত আক্ৰান্ত হৈছে প্ৰায় ১৫ জনতকৈ অধিক লোক ।

People of Dhing are suffering from the fear of poisonous insects and wild boars
বন গাহৰি, বিষাক্ত পোকে নিদ্ৰা হৰিছে ধিংবাসীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 10:52 PM IST

ধিং: বিপদে যেন লগ নেৰা হৈছে ধিংবাসীক । বছৰটোৰ প্ৰায় আধাখিনি সময়ত বাঘৰ আতংকত পাৰ কৰা পিচত এইবাৰ আহিছ আন এক বিপদ । এইবাৰ বিষাক্ত পোকে নিদ্ৰা হৰিছে ধিংবাসীৰ । অচিন পোকে ইতিমধ্যে প্ৰাণ লৈছে এজনৰ, বৰ্তমানো চিকিৎসাধীন কেইবাজনো লোক । ইফালে বন গাহৰিৰ আক্ৰমণতো আহত কেইবাজনো লোক ।

ঘটনা অনুসৰি, ধিঙত বিষাক্ত পোকৰ পোকৰ দংশনত ইতিমধ্যে এজনৰ মৃত্যু হৈছে । বৰ্তমানলৈকে এই বিষাক্ত পোকৰ দংশনত আক্ৰান্ত হৈছে প্ৰায় ১৫ জনতকৈ অধিক লোক । মৃত লোকজন ধিঙৰ বৰঙাবাড়ীৰ যতীন শইকীয়া বুলি চিনাক্ত কৰে । অচিন বিষাক্ত পোকৰ দংশনত আক্ৰান্ত হৈ গুৱাহাটী GMCH ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যতীন শইকীয়াৰ । বৰ্তমান সমগ্ৰ ধিং অঞ্চলত এই বিষাক্ত পোকৰ আতংক অব্যাহত আছে ।

বন গাহৰি, বিষাক্ত পোকে নিদ্ৰা হৰিছে ধিংবাসীৰ (ETV Bharat Assam)

ইফালে আকৌ ধিঙত অব্যাহত আছে বন গাহৰিৰ সন্ত্ৰাস । বৃহস্পতিবাৰে দিনৰ ভাগত ধিং চহৰৰ মাজ-মজিয়াত বন গাহৰিৰ আক্ৰমণত দুজনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ পাছত পুনৰ নিশা গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ধিং আঠগাঁৱৰ মানস কুমাৰ শইকীয়া নামৰ লোকজন । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানস কুমাৰ শইকীয়া বৰ্তমান ধিং এফ আৰ ইউত চিকিৎসাধীন ।

উল্লেখ্য যে, ধিঙত অবাধ গতিত বৃদ্ধি পাইছে বন গাহৰিৰ সংখ্যা । ইপিনে গাহৰিৰ সমান্তৰালকৈ এক বিশেষ পোকৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হ'ব লগাত পৰিছে বহুকেইজন লোক । পোকে কামোৰাৰ পাছতে অসহ্য বিষ আৰু জ্বৰত আক্ৰান্ত হৈছে কেইবাজনো লোক । সকলো বৰ্তমান ধিং এফ আৰ ইউত চিকিৎসাধীন অৱস্থাত । পোকটোৱে বহু দ্ৰুত গতিত উৰি আহি মানুহৰ গাত কামুৰি সোমাই পৰে ।

কিছুমানে কয় চিকৰাৰ দৰে পোকটোৱে কোনো শব্দ নকৰে । যোৱা দুই দিন ধৰি এই বিশেষ পোকটোৱে আক্ৰমণ কৰাত মানুহৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । পোকটোৰ পৰা পৰিত্ৰাণ পাবলৈ কেনে কৌশল অৱলম্বন কৰিব লাগিব তাকে লৈ সকলোৱে চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক: ধিঙত পুনৰ দুই যুৱকে জাৰণিৰ মাজলৈ টানি নি বলাৎকাৰ কৰিলে নাবালিকাক - Dhing rape case

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.