ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অংশগ্ৰহণৰ বাবে ৰাওনা সৰুপথাৰৰ টাইকোৱাণ্ডো দল - Taekwondo Championship

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:20 PM IST

thumbnail
কোচবিহাৰলৈ ৰাওনা ৰাওনা সৰুপথাৰৰ টাইকোৱাণ্ডো দল (ETV Bharat Assam)

সৰুপথাৰ, ১০ মে’: কোচবিহাৰ জিলা টাইকোৱাণ্ডো এছ’চিয়েশ্বনৰ উদ্যোগত ১১ আৰু ১২ মে’ ত অনুষ্ঠিত হ’ব সৰ্বভাৰতীয় টাইকাৱাণ্ডো চেম্পিয়নশ্বীপ ৷ উক্ত চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰিব গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ১০ গৰাকী খেলুৱৈৱে ৷

প্ৰশিক্ষক ভোপাল ৰায়ৰ নেতৃত্বত দলটো ইতিমধ্য পশ্চিমবংগলৈ ৰাওনা হৈছে ৷ উল্লেখ্য যে কিছুদিনৰ পূৰ্বে সৰুপথাৰৰ নিশামণি বৰাই চেইলিং প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰে এগৰাকী মহিলা চেইলৰ হিচাপে উজ্বলি উঠিছিল । তদুপৰি বিগত সময়ছোৱাত প্ৰশিক্ষক ভোপাল ৰায়ৰ নেতৃত্বত ধনশিৰি মহকুমাৰ কেবাগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

এইবাৰো কোচ বিহাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া টাইকোৱাণ্ডো প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিব বুলি আশাবাদী খেলুৱৈসকল । উল্লেখ্য যে, মহকুমাটোৰ কেবাটাও স্থানত ভোপাল ৰায়ে টাইকোৱাণ্ডো, কাৰাটে ইত্যাদিৰ প্ৰশিক্ষণ দি মহকুমাটোৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিছে ।

লগতে পঢ়ক: জলকুঁৱৰী নিশামণিক সম্বৰ্ধনা জনালে দল-সংগঠনসহ, আত্ম-সহায়ক গোটে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.