বঙাইগাঁৱত ৰোগীক ঝাৰুৰে কোবাই কোবাই চলিছে চিকিৎসা - Superstition in Assam

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 10:58 PM IST

thumbnail
অন্ধবিশ্বাসৰ কৰাল গ্ৰাস (ETV Bharat Assam)

মাণিকপুৰ,১৯ জুলাই: আধুনিক চিকিৎসা বিজ্ঞানৰ চৰম অগ্ৰগতিৰ সময়তো একাংশ লোক অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই । একাংশ লোকে এতিয়াও বেজৰ বেজালিত ৰোগ উপশমৰ বাবে হেতাওপৰা লগাই আছে । অন্ধবিশ্বাসত পোত যোৱা অসমৰেই এখন গাওঁ হৈছে বঙাইগাঁও জিলাৰ কাছাৰীপেটী তৃতীয় খণ্ড । এই কাছাৰীপেটী তৃতীয় খণ্ডত আজি জামাল আলী নামৰ লোকজনেই ৰাইজৰ আশা-ভৰসা হৈ পৰিছে ।

এই লোকজনে চিকিৎসাৰ নামত কাছাৰীপেটী নৈৰ পাৰত কিশোৰী-যুৱতীৰে নৃত্য় পৰিৱেশন কৰাৰ মাজতেই ঝাৰুৰে কোবাই কোবাই ৰোগীক চিকিৎসা কৰি আছে । এফালে নৃত্য় আৰু আনফালে ঝাৰুৰ কোব । নিশা পৰ্যন্ত এই বেজৰ ওচৰত বহি আছে গাঁৱৰ শ শ লোক । এই দৃশ্য় এতিয়া সামাজিক মাধ্য়মত পিয়পি পৰিছে ।

লগতে পঢ়ক:এতিয়াও ধৰিব পৰা নাই বনৰজাক : আতংকৰ মাজত দিন কটাইছে ধিঙৰ আঠগাঁওবাসীয়ে - Tiger Scare in Nagaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.