নিৰ্বাচনী দায়িত্বৰ মাজতে মহিলাৰ আকস্মিক মৃত্যু - Lok sabha election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video


Published : Apr 19, 2024, 2:17 PM IST
শিৱসাগৰ, 19 এপ্ৰিল : আজি অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে । ৰাজ্যৰ পাঁচটা সমষ্টি ক্ৰমে ডিব্ৰুগড়, কাজিৰঙা, যোৰহাট, শোণিতপুৰ আৰু লখিমপুৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে । নিৰ্বাচনৰ মাজতে আজি শিৱসাগৰ নগৰৰ সমীপৰ বানমুখৰ গোহাঁই গাঁৱত অঘটন সংঘটিত হৈছে । নিৰ্বাচনী দায়িত্ব পালন কৰি থকাৰ মাজতে এগৰাকী মহিলাই আকস্মিক মৃত্যুক সাৱটি লয় ।
ৰাইজৰ দলৰ সক্ৰিয় কৰ্মী সংগীতা গগৈয়ে (46) হৃদযন্ত্ৰ বিকল হোৱাৰ ফলত মৃত্যুমুখত পৰে ৷ 26 নং গোহাঁই গাওঁ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ৰাইজৰ দলৰ হৈ তদাৰক কৰি আছিল সংগীতা গগৈ । ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয়ত সমৰ্থকসকলক চাহৰ যোগান দি থকাৰ মাজতে ঢলি পৰে সংগীতা । ততাতৈয়াকৈ মহিলাগৰাকীক সমীপৰ প্ৰগতি নাৰ্চিং হোমলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
লগতে পঢ়ক: ডিব্ৰুগড় লোকসভা সমষ্টিৰ চমু আভাষ, তিনিগৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয় - Lok sabha election 2024