হেলমেট নিপিন্ধা ভাতৃক ৰাখী পিন্ধাই সজগতা সৃষ্টি ছাত্ৰ-ছাত্ৰীৰ - Raksha Bandhan 2024

🎬 Watch Now: Feature Video

thumbnail

কলিয়াবৰ, ১৭ আগষ্ট : ভগ্নীক সুৰক্ষা প্ৰদান ভাতৃৰ অন্যতম প্ৰধান কৰ্তব্য ৷ যদিহে ককায়েক সুৰক্ষিত হৈ নাথাকে, ভগ্নীক কিদৰে দিব সুৰক্ষা ! প্ৰথমে ভাতৃ হ’ব লাগিব সুৰক্ষিত, জীয়াই থাকিব লাগিব সুস্থ হৈ ৷ এই কথা ৰাখী পিন্ধাই ভাতৃসকলক বুজালে একাংশ ছাত্ৰীয়ে ৷

সোমবাৰে ৰাখী বন্ধনৰ দিনটোত কলিয়াবৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাখী পিন্ধাই সবিনয়েৰে অনুৰোধ জনালে হেলমেট পৰিধানৰ বাবে ৷ কুঁৱৰীটোলৰ পথেৰে হেলমেট অবিহনে মটৰ চাইকেল চলাই অহা জ্যেষ্ঠজনক ৰখাই ৰাখি পিন্ধালে শিশু নিকেতনখনৰ ছাত্ৰীসকলে ৷ ৰাখী পিন্ধাই অনুৰোধ জনালে তেওঁলোকে যাতে হেলমেট পৰিধান কৰি নিজেই সুৰক্ষিত থাকি ভগ্নীসকলক সুৰক্ষা প্ৰদান কৰিব পাৰে ৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত কলিয়াবৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰীসকলে লোৱা এই পদক্ষেপক একমুখে শলাগ লৈছে সকলো সচেতন লোকে ৷

আনহাতে শিশু নিকেতনখনৰ ছাত্ৰ-ছাত্ৰীসকলে কৰ্তব্যৰত আৰক্ষীকো ৰাখী পিন্ধাই জনসাধাৰণৰ সুৰক্ষাত সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰে । তদুপৰি, ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখা, কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলক ৰাখী পিন্ধাই কলিয়াবৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক : ভাতৃ-ভগ্নীৰ একতা সুদৃঢ় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীক ৰাখী পিন্ধালে ভগ্নীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.