কোনো কাৰণতে যাবলৈ নিদিয়ে ছাইদুলু ছাৰক : ভৰিত সাৱটি কান্দিছে শিক্ষাৰ্থীয়ে - Viral Video

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 5:42 PM IST

Updated : Jun 28, 2024, 6:52 PM IST

thumbnail
গুৰু-শিষ্য সম্পৰ্কৰ হৃদয়স্পৰ্শী দৃশ্য (ETV Bharat)

নিউজ ডেস্ক, 28 জুন : ছাইদুলু ছাৰে বিদ্যালয়খন এৰি যাবলৈ ওলোৱা মুহূৰ্তৰ দৃশ্যই প্ৰতিগৰাকী লোকৰে হৃদয় চুই যাব ৷ শিক্ষকতা যে কেৱল এটা ‘চাকৰি’ নহয়, সেই কথা এই শিক্ষকগৰাকীৰ বিদায়ৰ মুহূৰ্তই পুনৰ এবাৰ প্ৰমাণিত কৰিলে ৷ মৰ্মন্তুদ মুহূৰ্তটোৰ এক ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷

শিক্ষকৰ প্ৰতি কৃতজ্ঞতা আৰু মৰমৰ হৃদয়স্পৰ্শী দৃশ্যটো তেলেংগানাৰ পোলুমাল্লা চৰকাৰী উচ্চ বিদ্যালয়ৰ ৷ বিদ্যালয়খনৰ তেলুগু বিষয়ৰ শিক্ষক ছাইদুলুৱে জীৱনৰ 14 টা বছৰ উক্ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াৰ নামত উৎসৰ্গা কৰিলে ৷ কিন্তু পদোন্নতিৰ সৈতে তেওঁ বদলি হ’বলগীয়া হ’ল ৷ সেই উপলক্ষে আয়োজিত এক বিদায় সম্বৰ্ধনা অনুষ্ঠানত কান্দি-কান্দি ভাগৰি পৰিল শিক্ষাৰ্থীসকল ৷

শ্ৰদ্ধাৰ শিক্ষকগৰাকীক কোনোপধ্যেই বিদ্যালয়খন এৰি যাবলৈ নিদিয়ে শিক্ষাৰ্থীসকলে ৷ সেয়ে শিক্ষকগৰাকীৰ ভৰিত সাৱটি ধৰা পৰিলক্ষিত হ’ল শিক্ষাৰ্থীসকলে ৷ উল্লেখ্য পাঠ্যপুথিৰ বাহিৰেও শিক্ষাৰ্থীসকলৰ বাবে এগৰাকী পৰামৰ্শদাতা হৈ পৰিছিল ছাইদুলু ছাৰ ৷ তেওঁ কেৱল শৈক্ষিক জ্ঞানেই নহয়, জীৱনৰ পাঠো প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: এগৰাকী শিক্ষকৰ বদলিয়ে কন্দুৱালে মাজুলীৰ এটা অঞ্চলক

Last Updated : Jun 28, 2024, 6:52 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.