thumbnail

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 7:31 AM IST

ETV Bharat / Videos

ধৰ্ষণকাৰীক ৰাইজৰ আগত এৰি দিব লাগে: ভৱেশ কলিতা - Rape case in Assam

ৰঙিয়া, ২৫ আগষ্ট: ৰাজ্য কঁপোৱা ধিং কাণ্ড আৰু ৰাজ্যত হৈ থকা ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । বিজেপি দলৰ ৰঙিয়া হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত এক দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় , "ধিঙৰ ঘটনাটোৰ সন্দৰ্ভত ক'বলগীয়া একোৱেই নাই । নৰপিশাচ ! আচলতে তেওঁলোকক ৰাইজৰ আগত এৰি দিব লাগে, মই কালিও কৈছোঁ । পাৰিলে চিৰিয়াখানাৰ বাঘৰ আগত এৰি দিব লাগে ।"  

তেওঁ লগতে কয়,"অবৈধ নাগৰিকৰ দপদপনি এতিয়া অসমত বেছি হৈছে । অবৈধ নাগৰিকসকল দেশান্তৰ হওক বা ইয়াৰ পৰা গুচি যাওক তেওঁলোক, মই সেইটোহে কম । যিসকল এনেকুৱা কূটাঘাটমূলক কাৰ্যত জড়িত হৈ আছে, যিসকলে দেশখনক অস্থিৰ কৰিবলৈ চেষ্টা চলাইছে আৰু যিসকলে এই সকলক উদগণি জনায় আছে তেওঁলোককো সাৱধান কৰি দিছোঁ । এনেকুৱা ঘটনাৰ পৰা তেওঁলোক আঁতৰি থাকক । যায় যদি অসম এৰিয়েই যাওঁক ।"

লগতে পঢ়ক: ৫ দিনৰ ভিতৰত বেনাৰ হ’ব লাগিব অসমীয়াত : অনা-অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি - Assamese Non Assamese Conflict

লখিমপুৰত ধৰ্ষণৰ অপচেষ্টা : আটক দুই বৃদ্ধ - Attempt to Rape in Lakhimpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.