গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ আউনীআটী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা ২০২৩ ঘোষণা - Srimanta Sankardeva research Award

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 12:29 PM IST

thumbnail
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা ২০২৩ ঘোষণা (ETV Bharat)

টীয়ক, ৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ ঢেকীয়ালৰ সংস্কৃত গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ আগবঢ়োৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা-২০২৩ ৷ অহা কাতি মাহত মাজুলীৰ আউনীআটী সত্ৰত আয়োজন কৰা পালনামত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব গৱেষক শইকীয়াক ৷ এই কথা সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, অৱদানক শিৰোগত কৰি ২০০৫ চনত শ্ৰীশ্ৰী আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰিছিল এই বিশেষ বঁটাটো ৷  

উল্লেখ্য যে, ঢেকীয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰী সংস্কৃত শিক্ষক ডিম্বেশ্বৰ শইকীয়াৰ "কীৰ্তনৰ সমীক্ষা" শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থখনৰ বাবে প্ৰধানতঃ এই বঁটা আগবঢ়োৱা হৈছে । ২০১৬ চনত শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা ডিম্বেশ্বৰ শইকীয়াই ২০১৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা, ২০২১ চনত ৰামধেনু বঁটা, ২০২২ চনত মাজুলী গৌৰৱ বঁটা, ২০২৩ চনত আঁহতগুৰি গৌৰৱ বঁটাৰে সন্মানিত হৈছে । বৰ্তমানলৈকে তেওঁ ৮ খনকৈ গৱেষণাধৰ্মী সংস্কৃত গ্ৰন্থ ৰচনা কৰিছে আৰু দুকুৰিৰো অধিক বিশেষ প্ৰৱন্ধ তেওঁৰ চিন্তাত প্ৰাণৱন্ত হৈছে ।

লগতে পঢ়ক : নগাঁৱৰ চয়নিকা ডেকাক কলংপাৰ আদৰ্শ শিক্ষক বঁটা প্ৰদান - Kolongpar Teacher Award

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.