হৰিনামেৰে মুখৰিত ৰাজ্য : শ্ৰীকৃষ্ণৰ চৰণত মূৰ দোৱালে ৰমাকান্ত দেউৰীয়ে - Krishna Janmashtami 2024

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 10:36 PM IST

thumbnail
শ্ৰীকৃষ্ণৰ মহা জন্মাষ্টমী (ETV Bharat Assam)

মৰিগাঁও, 26 আগষ্ট : আজি শ্ৰীকৃষ্ণৰ মহা জন্মাষ্টমী । কৃষ্ণ বন্দনাত মুখৰিত গৈছে সমগ্ৰ দেশ তথা ৰাজ্য ৷ ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ, কীৰ্তন ঘৰৰ সমান্তৰালকৈ পশ্চিম মৰিগাঁও শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰৰ প্ৰাংগনতো দিনযোৰা বণাৰ্ঢ কাৰ্যসূচীৰে কৃষ্ণ মন্দিৰৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয় । পুৱা পাঁচ বজাত মৰিগাঁও চহৰৰ মাজমজিয়াত লাটুমণি শৰ্মাৰ নেতৃত্বত আৰু ভক্ত প্ৰাণ ৰাইজৰ সহযোগত উলিওৱা হয় প্ৰভাত ফেৰী । ইয়াৰ পিচতে ধৰ্মধজ্জা উত্তোলন কৰে ৰাজ্যৰ বিশিষ্ট ভাগৱত ব্যাখ্যাকাৰী ভোলা দাসে ।

শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে মন্দিৰৰ প্ৰাংগণত মহাভাগৱত পাঠ আৰু ব্যাখ্যা কৰা হয় । বিয়লি বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বন্তি প্ৰজ্বলন কৰে ৷

বিধায়ক দেউৰীয়ে কয়, "হাজাৰ হাজাৰ লোকে মনোবাঞ্চা পূৰণৰ বাবে বন্তি জ্বলাই আশীৰ্বাদ লৈছে । ময়ো শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে পৃথিৱীৰ লগতে পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰৰ জৰিয়তে মৰিগাঁও জিলালৈ শান্তি আহক ।"

লগতে পঢ়ক : শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উখল-মাখল পৰিৱেশ উলুবাৰীৰ ইস্কন মন্দিৰত - Krishna Janmashtami 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.