শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উখল-মাখল পৰিৱেশ উলুবাৰীৰ ইস্কন মন্দিৰত - Krishna Janmashtami 2024

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 8:36 PM IST

thumbnail
ইস্কন মন্দিৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন (ETV Bharat Assam)

গুৱাহাটী, ২৬ আগষ্ট: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী । লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰতো উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী । মহানগৰীৰ ইস্কন মন্দিৰ, উত্তৰ গুৱাহাটীস্থিত হৰেকৃষ্ণ মন্দিৰ, দৌল গোবিন্দ মন্দিৰকে ধৰি মহানগৰীৰ বিভিন্ন নামঘৰ কৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ।

পুৱাৰে পৰা ইস্কন মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে । আজিৰ দিনটোত প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগম হোৱাৰ কথা প্ৰকাশ কৰে মন্দিৰ কৰ্তৃপক্ষই । ইস্কন গুৱাহাটী যুৱ সমাজৰ সঞ্চালক সুদৰ্শন গৌৰচন্দ্ৰ দাসে কয়, "চাৰি দিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰা হৈছে । দেওবাৰৰ পৰা কৃষ্ণ জন্মাষ্টমী মহোৎসৱ আয়োজন কৰা হৈছে । পুৱা ৪:৩০ মংগল আৰতী কৰাৰ পিচতেই ১২ ঘন্টা অখণ্ড কীৰ্তন কৰা হয় । নিশা ১২ বজাত ১০৮ গছি বন্তিৰে আৰতী কৰা হ'ব আৰু ১০৮ বিধ ভোগ শ্ৰীকৃষ্ণক আগবঢ়োৱা হ'ব । আজি ভগৱানৰ জন্মদিন গতিকে ভগৱান বহুত আনন্দত থাকে আৰু ভক্তৰ মনৰ কামনা পূৰণ কৰে ।"

ইফালে শ্ৰীকৃষ্ণৰ চৰণত মনৰ কামনা পূৰণ বাবে পূজা-অৰ্চনা কৰে ভক্তসকলে । মন্দিৰলৈ অহা ভক্তসকলে মনৰ কামনাৰ পূৰণৰ লগতে ৰাজ্যত হৈ থকা নাৰীজনিত অপৰাধ ৰোধ কৰাৰ বাবে প্ৰাৰ্থনা জনায় ৷

লগতে পঢ়ক: পবিত্ৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণময় হৈ পৰিছে ৰাজ্যৰ চৌদিশ - Krishna Janmashtami 2024

ঢেকীয়াখোৱা বৰনামঘৰ-মইনাপৰীয়া নামঘৰত জন্মাষ্টমী - Krishna Janmashtami 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.