চৰকাৰখন বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছিল নে নাই সন্দেহ হয়: উৎপল শৰ্মা - Felicitation programme in Raha - FELICITATION PROGRAMME IN RAHA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-07-2024/640-480-21885962-thumbnail-16x9-raha-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jul 6, 2024, 9:51 PM IST
ৰহা,৬ জুলাই: শনিবাৰে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰ তীব্ৰ সমালোচনা আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাৰ । বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত ৫২ জনে বানত প্ৰাণ হেৰুওৱাৰ পিচতো কিয় খবৰ নাই বুলি প্ৰশ্ন কৰে সভাপতিগৰাকীয়ে ।
ইফালে ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ সফলতা এখন সমাজে উদযাপন কৰে বুলি উল্লেখ কৰি শিক্ষাৰ ক্ষেত্ৰত তুলনামূলকভাৱে অসম আজিও পিচপৰা বুলি মন্তব্য আগবঢ়ায় । Carrier Counselling ৰ সুব্যৱস্থা নাথাকিলে নতুন শিক্ষানীতিয়ে সফলতা নাপাব বুলি মন্তব্য কৰে । ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কাকতিৰ সভাপতিত্বত অনুষ্ঠিত এই বৃহৎ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বেদ কুমাৰ চলিহা, ৰহা মীন মহাবিদ্যালয়ৰ ডীন ড৹ প্ৰদীপ ভূঞাৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা বহু গন্যমান্য ব্যক্তি ।