সৰুপথাৰৰ টিনা লাহনৰ শিৰত 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' ৰানাৰ্চ আপৰ মুকুট - Spark Miss Teen Assam 2024

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:22 PM IST

thumbnail
টিনা লাহনৰ শিৰত 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' ৰানাৰ্চ আপৰ মুকুট (ETV Bharat Assam)

সৰুপথাৰ,৩ জুলাই: সৰুপথাৰলৈ পুনৰ এক গৌৰৱ । এফালে যদি বিশ্বৰ ক্ৰীড়া জগতত জিলিকিছে ধনশিৰিৰ জীয়াৰী লাভলীনা বৰগোঁহাই । আনফালে মডেলিং প্ৰতিযোগিতাত সৰুপথাৰৰ টেঙাহোলা গাঁৱৰ টিনা লাহনৰ শিৰত প্ৰথম ৰানাৰ্চ আপৰ মুকুট । সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁৱৰ নিবাসী ৰূপম লাহন আৰু টনিমা লাহনৰ কন্যা টিনা লাহনে গুৱাহাটীত অনুষ্ঠিত হোৱা 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্চ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।  

সৰুপথাৰৰ ডনবস্ক' হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ি থকা টিনা লাহনে মডেলিঙৰ ক্ষেত্ৰত নিজা প্ৰচেষ্টা আৰু পিতৃ-মাতৃৰ আশীৰ্বাদত আগবাঢ়ি গৈছিল বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । মডেলিঙৰ জগতত ভৰি দিয়ে টিনাই প্ৰথম ৰানাৰ্চ আপ পাবলৈ সক্ষম হোৱাত সকলো আনন্দিত হৈ পৰিছে । টিনাই আগন্তুক গোৱাত অনুষ্ঠিত হ'বলগীয়া এক মডেলিং প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব । কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে কেৱল নিজা প্ৰচেষ্টাৰে আগবাঢ়ি যোৱা টিনাই ভৱিষ্যতে এগৰাকী ভাল মডেল হোৱাৰ সপোন দেখিছে । তাইৰ সপোন পূৰণ কৰাৰ বাবে পিতৃ-মাতৃয়েও যথেষ্ট কষ্ট স্বীকাৰ কৰিছে । 

লগতে পঢ়ক: পখিলা খেদি ফুৰা বয়সত নিজৰ সপোনবোৰক খেদি ফুৰা সংযুক্তা কোন ?

ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈ জিলিকিল টীয়কৰ শ্ৰেষ্ঠা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.