thumbnail

পুৰীৰ শ্ৰী মন্দিৰত পবিত্ৰ ত্ৰিমূৰ্তিৰ স্নান যাত্ৰা - SNANA YATRA 2024

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 1:06 PM IST

নেশ্যনেল ডেস্ক, 22 জুন : আজিৰে পৰা ওড়িশাৰ পুৰীৰ শ্ৰী মন্দিৰত ত্ৰিমূৰ্তিৰ পূৰ্ণিমা বা স্নান যাত্ৰা আৰম্ভ হৈছে ।  প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাত এই 'স্নান যাত্ৰা' অনুষ্ঠিত কৰা হয় । আজি  ভগৱান জগন্নাথক স্নানবেদীত পৰম্পৰাগত ৰীতি-নীতিৰে 108 টা সুগন্ধি পানীৰ কলহেৰে গা ধুওৱা হয়  ৷ তাৰ পিচতেই জগন্নাথক গজাননৰ পোছাকত সজ্জিত কৰা হ'ব ।

লোকবিশ্বাস অনুসৰি, ভগৱান জগন্নাথে আজিৰ দিনটোত তেওঁৰ ভাতৃ-ভগ্নীৰ সৈতে পানীৰে স্নান কৰে। আজিৰ এই দিনটোক ভগৱান জগন্নাথৰ জন্মদিন হিচাপেও পালন কৰা হয় । এই স্নান প্ৰথমে ভগৱান জগন্নাথৰ আবিৰ্ভাৱৰ সময়ৰ পৰা কৰাই অহা হৈছে ৷ সেয়েহে ইয়াক শ্ৰীদাৰু ব্ৰহ্মৰ আদিলীলা বুলিও কোৱা হয় ৷

মহাৰাজা ইন্দ্ৰদ্যুন্ন আৰু ৰাণী গুণ্ডিচা মহাপ্ৰভুৱে দাৰু ব্ৰহ্মৰ অৱতাৰৰ পিচত প্ৰথম এই শুভ মুহূৰ্তত স্নান কৰোৱাইছিল ৷ কোৱা হয় যে জগন্নাথ মহাৰাজে নিজেই ইন্দ্ৰদ্যুন্নক মহা স্নানৰ পিচত তেওঁৰ শৰীৰহীন ৰূপ নাচাবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক: পুৰীত স্নান যাত্ৰাৰ বাবে ৩৮ টা আৰক্ষীৰ বেৰিকেড মোতায়েন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.