চিচি টিভি কেমেৰাত বন্দী মহিলাক সৰ্পদংশন কৰাৰ দৃশ্য - GOLAGHAT SNAKEBITE CASE

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 4:11 PM IST

thumbnail
গোলাঘাটত সংঘটিত এই ঘটনা (ETV Bharat Assam)

গোলাঘাট, 10 জুলাই: সৰীসৃপ প্ৰাণীসমূহৰ ভিতৰত সাধাৰণ লোকে সাপৰ নাম শুনিলে বিশেষকৈ আতংকিত হৈ পৰে ৷ সৰ্পদংশনৰ ভিতৰত ইমান মানুহ নমৰে, যিমান সৰ্পদংশনৰ পিচত সাপৰ ভয়ত মৰে ৷ গোলাঘাটত বুধবাৰৰ দিনটোৰ এক সৰ্পদংশনৰ ঘটনাৰ ভিডিঅ’ দেখিলে শিহঁৰিত হৈ পৰিব আপুনি ৷ যি ঘটনাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে চিচি টিভি কেমেৰাত ৷

বুধবাৰে দিনৰ ভাগত নুমলীগড় চাহ বাগিচাৰ পৰা বন্দনা চবৰ নামৰ এগৰাকী মহিলাই চিকিৎসা সংক্ৰান্তীয় কামত বোকাখাতলৈ যায় ৷ চিকিৎসালয়লৈ যোৱাৰ পথতে সংঘটিত হয় এই সৰ্পদংশনৰ ঘটনা ৷ মহিলাগৰাকীয়ে আদবাটতে এটা ঘৰৰ চৌহদৰ পৰা ওলাই অহা এডাল সাপ দেখা নাপাই পাৰ হৈ যাব ধৰোতে সাপটোৱে মহিলাগৰাকীক ভৰিত দংশন কৰে ৷

আনহাতে, ধনশিৰিমুখৰ বেলগুৰিত সংঘটিত হৈছে আন এক সৰ্পদংশনৰ ঘটনা ৷ ভঁৰালৰ পৰা ধান উলিয়াবলৈ যোৱা মনেশ্বৰী পাটগিৰি নামৰ এগৰাকী মহিলাকো সাপে দংশন কৰে ভৰিত ৷ সম্প্ৰতি দুয়োগৰাকী মহিলাই চিকিৎসকৰ তত্বাৱধানত ভৰ্তি হৈ আছে বোকাখাত মহকুমা চিকিৎসালয়ত ৷

বাৰিষাৰ বতৰত সৰ্পদংশনৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পায় ৷ কিন্তু সাধাৰণ লোকে ভয়ত বিতত হোৱাৰ ফলতহে কিছুসংখ্যকৰ মৃত্যু ঘটে ৷ সৰ্পদংশনৰ কোনো ঘটনা সংঘটিত হ’লে ভয় কৰাৰ সলনি শীঘ্ৰে চিকিৎসকৰ কাষ চপা উচিত ৷

লগতে পঢ়ক: বৰ্ধিত সৰ্পদংশনৰ ঘটনা : ভয় নে সজাগতাৰ অভাৱ ? সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কি কয় ? - INTERVIEW WITH SAURAV BORKATAKI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.