সৰস্বতী পূজাৰ আনন্দ-উল্লাসৰ মাজতে পথ-দুৰ্ঘটনা: আহত ছয় ছাত্ৰ - পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video
Published : Feb 14, 2024, 3:50 PM IST
গোলাঘাট, 14 ফেব্ৰুৱাৰী : গোলাঘাটৰ নামবৰ বনাঞ্চলত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ গোলাঘাটত সৰস্বতী পূজালৈ বুলি লগৰীয়াৰ সৈতে ফুৰিবলৈ আহি আহত হয় ছজনকৈ ছাত্ৰ ৷ আহত ছজন ছাত্ৰৰ মাজৰ এজনৰ পিতৃয়ে মৰঙি হাইস্কুলত সৰস্বতী পূজাৰ কামত ব্যস্ত থকাৰ মাজতে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা পুত্ৰ মোস্তাফা আলমে মনে মনে পিতৃৰ গাড়ীখন লৈ পাঁচগৰাকী সতীৰ্থক উঠাই ফুৰিবলৈ বুলি নামবৰ বনাঞ্চলৰ কাষ পায়গৈ ৷
নামবৰ বনাঞ্চলৰ সমীপত মোস্তাফা আলমে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলত তিনিজন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আন তিনিজন ছাত্ৰ কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ ছাত্ৰ কেইজন ক্ৰমে মোস্তাফা আলম, চামিম আখতাৰ, শ্বেখ ফৰিদ, ৰেকিবুদ্দিন আলি, ৰবিউল হুছেইন আৰু আজিবুৰ ইছলাম বুলি জানিব পৰা গৈছে ।
ঘটনাস্থলীত গোলাঘাট সদৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত ছজন ছাত্ৰক ১০৮ এম্বুলেন্স সেৱাৰ যোগেদি ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS 04 M 0779 ৷
লগতে পঢ়ক : গৌৰীসাগৰত মুখামুখি সংঘৰ্ষ: নিহত এক