শোৱাপাটীতে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে বিবাহিত যুৱকক - Sensational Murder

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:29 PM IST

thumbnail
নৃশংসভাৱে হত্যা (ETV Bharat Assam)

আমগুৰি, ১১ আগষ্ট: শিৱসাগৰ জিলাৰ আমগুৰি খৰাগঁড় ঘোঁৰাচোৱাত শনিবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিশা শুই থকা অৱস্থাতেই চাৰিজন যুৱকে দাৰে ঘপিয়াই হত্যা কৰিলে ঋতুপৰ্ণ গগৈ (৩৭) নামৰ এজন বিবাহিত যুৱকক । মৃত যুৱকজনৰ আত্মীয়ই উত্থাপন কৰা অভিযোগ অনুসৰি প্ৰবীণ গগৈ, প্ৰশান্ত গগৈ, ৰিতুৰাজ বৰুৱা আৰু অজয় গগৈ নামৰ চাৰিজন যুৱকে ঋতুপৰ্ণক মূৰ, ডিঙি, বুকু, পেটত ঘপিয়াই হত্যা কৰিছে ।  

ঘটনাৰ বিৱৰণি অনুসৰি যোৱা ৫ আগষ্টত এই চাৰি অভিযুক্ত যুৱকে ঋতুপৰ্ণ গগৈ নামৰ যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি পথৰ কাষৰ খালত পেলাই থৈ যায় । পুৱা স্থানীয় লোকে ঋতুপৰ্ণক মুমুৰ্ষু অৱস্থাত উদ্ধাৰ কৰি জয়সাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত সুস্থ হৈ উঠা যুৱকজনে এই চাৰি যুৱকৰ বিৰুদ্ধে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।  

শনিবাৰে যুৱকজনৰ এজাহাৰৰ ভিত্তিত দুই যুৱকক থানালৈ তলৱ কৰে যদিও নিশা আৰক্ষীয়ে মুকলি কৰি দিয়ে । ইপিনে, দেওবাৰে পুৱা এইজন যুৱকক এজন লোকে বিচনাত তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰে । স্থানীয় লোকৰ অভিযোগ অনুসৰি আৰক্ষীৰ হেমাহিৰ বাবেই দুৰ্বৃত্তই এনে কাণ্ড সংঘটিত কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক:ছাত্ৰ অপহৰণ-হত্যাকাণ্ডৰ তদন্তৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ পথ অৱৰোধ - AAGSU Protest Against Murder

দায়িত্বত থকা অৱস্থাতেই শিৱসাগৰ সদৰ ডাকঘৰৰ নৈশ চকীদাৰক হত্যা

স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতনত ন-বোৱাৰীৰ মৃত্য়ু, আৰক্ষী চকী ঘেৰাও - Sensational Murder

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.