বেজৰ নাকতে খৰ... শিক্ষামন্ত্ৰীৰ গৃহ জিলাতে ঘোচ লৈ ধৰা পৰিল শিক্ষা বিভাগৰ কৰ্মচাৰী - SENIOR ASSISTANT ARRESTED

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:50 PM IST

thumbnail
দুৰ্নীতি নিবাৰক শাখাৰ জালত চৰকাৰী কৰ্মচাৰী (ETV Bharat Assam)

ধেমাজি, 10 জুলাই: চৰকাৰে যিমানে দুৰ্নীতি নিৰ্মূল কৰাৰ চেষ্টা নকৰক কিয়, ৰাজ্য চৰকাৰৰে কোনোবা নহয় কোনোবা কৰ্মচাৰী দুৰ্নীতিত লিপ্ত থকাৰ প্ৰমাণ সময়ে সময়ে প্ৰকাশ পাই আহিছে ৷ বুধবাৰে পুনৰ তেনে এজন চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ত ৷

জানিব পৰা মতে, কাৰ্যালয়টোৰ এজন জ্যেষ্ঠ সহায়কে কাৰ্যালয়ৰ কক্ষতে উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত বুধবাৰে হাতে-লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই ৷ দিগন্ত গগৈ নামৰ ঘোচখোৰ কৰ্মচাৰীজনে 2023 চনৰ নৱেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰা বৰদলনিৰ এজন শিক্ষকৰ পেঞ্চনৰ কাম-কাজ কৰি দিয়াৰ বাবদ উৎকোচ বিচাৰিছিল 10,000 টকা ৷ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে এই ধন দিবলৈ অপাৰগ হোৱাত সাত হাজাৰ টকাত কামখিনি কৰি দিব বুলি শেষত মান্তি হয় ৷

যাৰ বাবে বিষয়টোৰ সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ সহায় বিচাৰে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ৷ খোদ শিক্ষামন্ত্ৰীৰ গৃহজিলা ধেমাজিৰ শিক্ষা বিভাগৰ কাৰ্যালয়তে এনে দুৰ্নীতি হোৱাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত চলিছে সৰৱ চৰ্চা ৷

লগতে পঢ়ক: উৎকোচ লৈ ৰাজহ বিভাগৰ জ্য়েষ্ঠ সহায়ক গ্ৰেপ্তাৰ

পাঁচ হাজাৰ টকাৰ লোভত গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল আৰফদ আলম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.