পুনেত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে সাজু অসমৰ মহিলা হকী দল - Assam Womens Hockey team
🎬 Watch Now: Feature Video


Published : Mar 9, 2024, 9:22 PM IST
ডিব্ৰুগড়, 9 মাৰ্চ : ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে ৷ বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈ সকলে ৷ ইয়াৰ মাজতে 13 মাৰ্চৰ পৰা পুনেত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দেশৰ অন্যান্য ৰাজ্যৰ সমান্তৰালকৈ অসমৰ মহিলা হকী দলটোৱেও অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ৷
এই খেলত অংশগ্ৰহণ কৰাৰ বাবে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত 1 মাৰ্চৰ পৰা ৰাজ্যিক পৰ্যায়ৰ এক বাচনি শিবিৰ আয়োজন কৰা হয় ৷ এই বাচনি শিবিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 32 গৰাকী আৰু বহিঃৰাজ্যৰ 4 গৰাকীৰ লগতে মুঠ 36 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পৰাই ৰাজ্যিক দলৰ বাবে 18 জনীয়া এটা শক্তিশালী মহিলা হকী দল বাচনি কৰা হয় ৷ প্ৰশিক্ষক শিৱানন্দ মাউৰিৰ তত্বাৱধানত গঠন হোৱা এই হকী দলটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেল প্ৰদৰ্শন কৰি খিতাপ অৰ্জন কৰি বুলি আশা প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়ক : তিনিচুকীয়াত সেনাৰ উদ্যোগত চিলাই মেচিন কেন্দ্ৰৰ শুভ উদ্বোধন