অবিনাশৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ - Minor boy drowns in drain - MINOR BOY DROWNS IN DRAIN
🎬 Watch Now: Feature Video


Published : Jul 5, 2024, 10:49 PM IST
গুৱাহাটী, ৫ জুলাই: ৰাজ্যজুৰি বানে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক শোকাবহ ঘটনা । যি ঘটনা সংঘটিত হোৱাৰ পাচতে চকুৰ টোপনি হৰিছে প্ৰশাসনৰ । মহানগৰীৰ জ্যোতিনগৰৰ শনি মন্দিৰৰ সমীপত স্কুটীৰ পৰা পিচলি নলাত পৰি উটি যায় নুনমাটি ভৱানীপুৰৰ অবিনাশ সৰকাৰ নামৰ এটি শিশু । দিনজোৰা প্ৰচেষ্টাৰ অন্ততো অভিলাষ বিচাৰি উলিয়াব নোৱৰাৰ পিচত শুকুৰবাৰে নিশাৰ ভাগতো শিশুটিৰ সন্ধানত চলিল অভিযান ।
মহানগৰীৰ কৃত্ৰিম বানত নিৰুদ্দিষ্ট অবিনাশ সৰকাৰৰ সন্ধানত ব্যাপক অভিযান চলাই এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু প্ৰশাসনে । চানমাৰি চৰকাৰী ছপাশালৰ পৰা অনুৰাধালৈ পথৰ কাষৰ নলাত যুদ্ধংদেহী ৰূপত চলাই অভিযান । এস্কেভেটৰকে আদি কৰি বিভিন্ন অত্যাধুনিক সা-সৰঞ্জামেৰে অভিযান অব্যাহত ৰাখিছে অভিযানকাৰী দলে ।
অৱশ্যে এতিয়াও কোনো সন্ধান লাভ কৰা নাই শিশুটিৰ । আনহাতে, এই অভিযানৰ ফলত চানমাৰিৰ পৰা নুনমাটি পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাত বিপদত পৰিছে পথচাৰী ।