মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত উদ্ধাৰ সন্ধানহীন প্ৰধান শিক্ষকৰ মৃতদেহ - Dead Body Recovered

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:50 PM IST

thumbnail
ব্ৰহ্মপুত্ৰৰ সুঁতিত উদ্ধাৰ মৃতদেহ (ETV BHARAT ASSAM)

মাজুলী, 20 জুন : চৰাইদেউত নিৰুদ্দেশ হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মৃতদেহ ওলাল মাজুলীত ৷ বিগত 13 জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল চৰাইদেউ জিলাৰ মাহমৰাৰ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈ ৷ দিচাঙত জাঁপ দি আত্মঘাতী হোৱাৰ সন্দেহ কৰা হৈছিল শিক্ষকগৰাকীয়ে ৷ ইয়াৰ পিচতেই এচ ডি আৰ এফে শিক্ষকজনৰ সন্ধানত দিচাঙত চলাইছিল অভিযান ৷ কিন্তু শিক্ষকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় এচ ডি আৰ এফ ৷

ইয়াৰ পিচতেই আজি সাতটা দিনৰ অন্তত প্ৰধান শিক্ষক লোকেশ্বৰ গগৈৰ মৃতদেহ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিয়েদি উটি অহা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ প্ৰথমে ভকতচাপৰি আলিমুৰ সংযোগী ঘাটত কিছু লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে অচিনাক্ত মৃতদেহটো উটি আহি থাকে ৷ ইয়াৰ পাচতে মৃতদেহটো পহুমৰা ভকতচাপৰি সংযোগী ঘাটত প্ৰত্যক্ষ কৰে একাংশই ৷ কিন্তু ঘাটৰ লোকসকলে মৃতদেহটো উদ্ধাৰ কৰিবলৈ ভয় কৰে ৷ 

ইয়াৰ পাচতে কৰ্দৈগুৰিত নদীকাষৰীয়া মানুহে প্ৰত্যক্ষ কৰে আৰু দুজন লোকে নদী কাষৰ বিৰিণাৰ মাজত অচিনাক্ত মৃতদেহটো থৈ আহে ৷ ইয়াৰ পিচতে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ লগতে মৃতদেহটো মাহমৰাৰ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈৰ বুলি চিনাক্ত কৰা হয় ৷

লগতে পঢ়ক : হঠাৎ নোহোৱা হ’ল লোকেশ্বৰ ছাৰ; দিচাং নৈৰ কাষত উদ্ধাৰ স্কুটী আৰু চেণ্ডেল - Teacher Missing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.