thumbnail

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:42 PM IST

ETV Bharat / Videos

ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ

মৰিয়নী, 16 ফেব্ৰুৱাৰী: মৰিয়নী সমষ্টিৰ অন্তৰ্গত নগাধুলী উপ-পশু স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে ৷

যোৰহাট লোকসভাৰ সাংসদ তপন গগৈয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত বৃহত্তৰ নগাধুলীবাসী ৰাইজৰ সুবিধাৰ্থে উপ-পশু স্বাস্থ্যকেন্দ্ৰটো পুনৰ নিৰ্মাণৰ বাবে ৩৩ লাখ ৭৩ হাজাৰ টকা আৱন্টন দিছিল ৷ কিন্তু পশু স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰে বিভাগীয় একাংশ বিষয়া-কৰ্মীৰ লগত বুজাবুজি কৰি বিয়াগোম দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

আছুৰ অভিযোগ অনুসৰি ঠিকাদাৰে নিম্নমানৰ শিল, চিমেণ্ট ব্যৱহাৰ কৰাতে ক্ষান্ত নাথাকি ৱাল নিৰ্মাণত পুৰণা ইটা ব্যৱহাৰ কৰিছে ৷ তদুপৰি খুঁটাৰ বাবে পৰ্যাপ্ত গাঁত নাখান্দি কেৱল ৰিং বান্ধি, মাটি দি কাম কৰিছে ৷ উক্ত নিৰ্মাণকাৰ্যত বিভাগীয় বিষয়া, অভিযন্তা উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা কৰি পুনৰ নিৰ্মাণ কৰাৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে আছুৱে ৷

লগতে পঢ়ক: জনতাক ৰামঠগন দিয়া কংগ্ৰেছ শূণ্য হৈ যাব: ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.