thumbnail

কংগ্ৰেছক তুলাধূনা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Sarbananda Sonowal slams congres

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 10:33 PM IST

Updated : Apr 4, 2024, 10:48 PM IST

তিনিচুকীয়া, ৪ এপ্ৰিল : ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ ৷ শাসক বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ ইয়াৰ সমান্তৰালকৈ অসম-অৰুণাচল সীমান্তৰ বৰডুমচাৰ মাধৱপুৰত বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি মিত্ৰজোঁটৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ মাধৱপুৰ ৰংগমঞ্চত আয়োজন কৰা এই বিশাল নিৰ্বাচনী সভাত সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক তুলাধূনা দি কয় যে, কংগ্ৰেছে বিগত ৬০ বছৰে এই অঞ্চলসমূহত কোনো উন্নয়ন নকৰিলে  ৷ সমান্তৰালভাৱে কংগ্ৰেছেই অসমৰ ৮৫৫ গৰাকীকৈ লোকক হত্যা কৰিলে ৷ এই কথা জনতাই কেতিয়াও নাপাহৰে  ৷ এই নিৰ্বাচনী সভাত সৰ্বানন্দ সোণোৱালৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাও উপস্থিত থাকে ।

লগতে পঢ়ক: কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

Last Updated : Apr 4, 2024, 10:48 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.