নৃত্যশিল্পী বিপুল চন্দ্ৰ দাসলৈ মহানগৰীৰ নৰ্তন কলা নিকেতনৰ বিশেষ সন্মান - Anand Mohan Bhagwati Award 2024 - ANAND MOHAN BHAGWATI AWARD 2024
🎬 Watch Now: Feature Video
Published : May 18, 2024, 9:48 PM IST
গুৱাহাটী, 18 মে’: পাঞ্জাবাৰীস্থিত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শুকুৰবাৰে নৰ্তন কলা নিকেতন গুৱাহাটীৰ উদ্যোগত ৩৭ তম সত্ৰীয়া নৃত্য সম্ভাৰ ২০২৪ সংগীত চূড়ামণি গুৰু আনন্দ মোহন ভাগৱতী বঁটা প্ৰদান অনুষ্ঠানত আয়োজন কৰা হয় । অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে নৃত্যচাৰ্য্য পদ্মশ্ৰী যতীন গোস্বামী আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । এই অনুষ্ঠানত ২০২৪ বৰ্ষৰ অৰ্থাৎ এইবাৰৰ সংগীত চূড়ামণি গুৰু আনন্দ মোহন ভাগৱতী বঁটা প্ৰদান কৰা হয় আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্য শিল্পী বিপুল চন্দ্ৰ দাসক ।
তাৰোপৰি নাট্যকাৰ দুলাল ৰয়, নৃত্য শিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধি, দিম্পী ৰাণী বৈশ্য, সেউজপ্ৰিয়া বৰঠাকুৰকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয় । কাৰ্যসূচীত মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু দাস, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, প্ৰাক্তন আৰক্ষী বিষয়া স্বপ্ননীল বৰুৱাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত নৰ্তন কলা কেন্দ্ৰখনৰ শিক্ষাৰ্থী সকলে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰ লগতে অভিশপ্ত আশীৰ্বাদ নামে এখনি নাট মঞ্চস্থ কৰে ।
লগতে পঢ়ক: মাজুলীৰ তিনি শিল্পীলৈ সংগীত নাটক অকাদেমি বঁটা: আনন্দৰ লহৰ