বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানীৰ তালিকাত অসমৰ সাগৰ ভট্টৰায় - Stanford University

By ETV Bharat Assamese Team

Published : 2 hours ago

thumbnail
গৱেষক বিজ্ঞানী ড৹ সাগৰ ভট্টৰায় (ETV Bharat Assam)

দৰং, ২২ ছেপ্টেম্বৰ : আমেৰিকাৰ ষ্টেণ্ডফ'ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানীৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে দৰং জিলাৰ ছিপাঝাৰ গেৰেণ্ট গাঁৱৰ ড৹ সাগৰ ভট্টৰায়ে । ষ্টেণ্ডফ'ৰ্ড বিশ্ববিদ্যালয়ত বিগত ৫ বছৰে পুনৰ নৱীকৰণ শক্তি বিষয়ত গৱেষণা কৰা কনিষ্ঠতম বিজ্ঞানী সাগৰ ভট্টৰায়ে এই স্বীকৃতি লাভ কৰি দৰং জিলাৰ ছিপাঝাৰৰ গেৰেন্ট গাঁও তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।  

বৰ্তমান আই আই টি গুৱাহাটীত গৱেষক বিজ্ঞানী হিচাপে কৰ্মৰত হোৱাৰ উপৰি পাঞ্জাৱৰ চিটকাৰা বিশ্ববিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে কৰ্মৰত ড৹ সাগৰ ভট্টৰায়ৰ এই সফলতাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী । অতি পিছপৰা অঞ্চলৰ শিক্ষক টংকপ্ৰসাদ ৰায় মাতৃ ঝৰ্ণা ভট্টৰায়ৰ সুযোগ্য সন্তান সাগৰ ভট্টৰায়ৰ এই সফলতাত ঘৰখনত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:অটল সংকল্প: মাতৃৰ সপোন পূৰাবলৈ এজন পুত্ৰৰ অহোপুৰুষাৰ্থৰ এক মননশীল কাহিনী - Guinness Records of World

আই আই টি ইন্দোৰত কোনগৰাকী অসম কন্য়াই লাভ কৰিলে সৰ্বশ্ৰেষ্ঠ সন্মান - Best IIT Honour of Assamese girl

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.