লখিমপুৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চালন - প্ৰান্তীয় পথ সঞ্চালন দিৱস
🎬 Watch Now: Feature Video
Published : Jan 28, 2024, 5:08 PM IST
লখিমপুৰ ২৮ জানুৱাৰী: লখিমপুৰ নগৰত দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই এক পথ সঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে দেওবাৰে ৰাজ্য়জুৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰান্তীয় পথ সঞ্চালন দিৱস পালন কৰিছে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত সমবেত হৈ কেইবা শতাধিক আৰএছএছ কৰ্মীয়ে নগৰৰ মাজেৰে পথ সঞ্চালন কৰে ।
জিলা সংঘ চালক দেৱকান্ত বনিয়াসহ কেইবা শতাধিক কৰ্মীয়ে অংশগ্রহণ কৰা এই পথ সঞ্চালন কাৰ্যসূচী সংঘৰ এক নিয়মীয়া কাৰ্যসূচী বুলি কয় জিলাৰ বিষয়ববীয়াই । বিহপুৰীয়া আৰু লখিমপুৰ নগৰৰ লগতে ৮ টা খণ্ডৰ কৰ্মীয়ে এই পথ সঞ্চালন কাৰ্যসূচীত অংশগ্রহণ কৰা বুলি কয় জিলা সংঘ চালক দেৱকান্ত বনিয়াই ।
লগতে পঢ়ক:পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন