ধুবুৰীত মোৰ লগত মোৰেই প্ৰতিদ্বন্দ্বিতা হ'ব, ৰকিবুল হুছেইনে কান্দি যাব লাগিব: আজমলে ক'লে - Lok Sabha ELection 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 9:29 PM IST

চিৰাং/বঙাইগাঁও, 25 এপ্ৰিল: দেশজুৰি এতিয়া বতাহ গৰম কৰি ৰাখিছে লোকসভা নিৰ্বাচনে । ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে আৰু ২৬ এপ্ৰিল শুকুৰবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । ইফালে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত উঠিছে । প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতা-পালি নেতা উবুৰি খাই পৰিছে নিৰ্বাচনী প্ৰচাৰত । ইটো ৰাজনৈতিক দলে সিটো ৰাজনৈতিক দললৈ বোকা ছটিওৱাৰ প্ৰথা অব্যাহত ৰাখিছে । 

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাত এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । সংবাদ মাধ্যমৰ আগত আজমলে কয় যে ৰকিবুল হুছেইনে ধুবুৰীলৈ ধন সংগ্ৰহ কৰিবলৈহে আহিছে, নিৰ্বাচন খেলিবলৈ নহয় । নগাঁৱত এ আই ইউ ডি এফ সংখ্যালঘু ভোটাৰৰ সহযোগত বিজয়ী হ'ব বুলি দৃঢ় বিশ্বাসী আজমল । তেওঁ লগতে কয়, "ধুবুৰী লোকসভা সমষ্টিত মোৰ লগত মোৰহে প্ৰতিদ্বন্দ্বিতা হ'ব । ৰকিবুল হুছেইন কান্দি কান্দি যাব লাগিব । কংগ্ৰেছৰ ভৱিষ্যৎ শূন্য, ভূপেন বৰাৰ ভৱিষ্যৎ শূন্য ।"

লগতে পঢ়ক: আৰক্ষীয়ে পক্ষপাতমূলক ভূমিকা গ্ৰহণৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.