বৰাক-গুৱাহাটী সংযোগী ঘাইপথত মেঘালয়ৰ কুলিয়াঙত ভূমিস্খলন : বন্ধ যাতায়ত - Landslide in Meghalaya - LANDSLIDE IN MEGHALAYA
🎬 Watch Now: Feature Video
Published : Aug 26, 2024, 5:20 PM IST
শিলচৰ, ২৬ আগষ্ট : বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্রীয় ঘাইপথৰ মেঘালয়ৰ কুলিয়াঙত পুনৰ ভূমিস্খলন । সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা । ফলত ৰাস্তাতেই আবদ্ধ হৈ পৰে শ শ যানবাহনৰ লগতে বহু যাত্রী । আনকি এই ভয়ংকৰ ভূমিস্খনৰ ফলত ৰাজপথতে বোকা-মাটিত পোত যায় কেইবাখনো বাহন ।
ইপিনে, ৰাষ্ট্রীয় ঘাইপথ কর্তৃপক্ষই উক্ত পথৰ পৰা বোকা, শিল আঁতৰাই যান-বাহন চলাচলৰ বাবে উপযোগী কৰিবলৈ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হোৱা নাই । ফলত বন্ধ হৈ পৰিছে যাতায়ত ।
ইপিনে, এই বিধ্বস্ত পথচোৱাৰ পুখুৰী সদৃশ গাঁতত পৰি দুর্ঘটনাগ্রস্ত হয় কেইবাখনো বাহন । উল্লেখ্য় যে, বিগত তিনিদিন ধৰি ৰাষ্ট্রীয় ঘাইপথটোৰ এনে অৱস্থা হোৱাত দুর্ভোগ ভুগিছে বৰাকৰ লগত ত্রিপুৰা, মিজোৰামসহ মণিপুৰৰ যাত্রীসকলে ।
লগতে পঢ়ক : ছিকিমত প্ৰকৃতিৰ তাণ্ডৱ : 64 জন পৰ্যটকক উদ্ধাৰ সীমান্ত পথ সুৰক্ষা বাহিনীৰ - Sikkim Landslide