দ’ খাৱৈত বাগৰিল টাইলছ ভৰ্তি বৃহৎ ট্ৰাক - দুৰ্ঘটনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-03-2024/640-480-20887433-thumbnail-16x9-hdc.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 2, 2024, 2:23 PM IST
নুমলীগড়, 2 ফেব্ৰুৱাৰী: শনিবাৰে পুৱতি নিশা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নুমলীগড়ৰ পংকা চাৰিআলিৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷ গুজৰাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন টাইলছ কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ ট্ৰাকখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে বুলি জানিব পৰা গৈছে ৷
UP-22AT-2315 নম্বৰৰ 18 চকীয়া ট্ৰাকখনে ৰাষ্ট্ৰীয় ঘাইপথত থকা এটা ওখ গড়া অতিক্ৰম কৰাত ব্যৰ্থ হোৱাৰ ফলতে পথৰ কাষৰ দ’ খাৱৈত ট্ৰাকখন বাগৰি পৰে ৷ দুৰ্ঘটনাটোত চালক আৰু হেণ্ডিমেনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ দুৰ্ঘটনাস্থলীত লগে লগেই নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হয় আৰু চালক হেণ্ডিমেনক নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ট্ৰাকখনৰ উদ্ধাৰ অভিযান অব্যাহত আছে ৷
দুৰ্ঘটনাত কেইবালাখ টকাৰ টাইলছ নষ্ট হোৱাৰ আশংকা কৰা হৈছে ৷
লগতে পঢ়ক: কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ পথ দুৰ্ঘটনা, আহত তিনিজন